‘মাতমৰাত বনাঞ্চলৰ ১২৮ বিঘা মাটি দখলেৰে নৰহ দম্পতীয়ে খুলিছে চাহ বাগিচা’

🔹 লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ বিস্ফোৰক অভিযোগ
🔹 ভৰত–ৰাণী নৰহৰ এই ভূমি কেলেংকাৰিৰ উচিত তদন্ত হ’বই : মন্ত্রী পীয়ূষ হাজৰিকা

ষ্টাফ ৰিপ’ৰ্টাৰ, ১৭ ছেপ্টেম্বৰ : এইবাৰ ভূমি কেলেংকাৰিত নাম সাঙোৰ খাইছে কংগ্রেছৰ নৰহ দম্পতীৰ৷ লখিমপুৰ সমষ্টিৰ বিধায়ক মানৱ ডেকাই নৰহ দম্পতীয়ে বানাক্রান্তক উচ্ছেদ কৰি বনাঞ্চলৰ মাটিত চাহ বাগিচা খোলাৰ বিস্ফোৰক অভিযোগ কৰে৷ সংবাদ মাধ্যমৰ আগত বিধায়ক ডেকাই কয় যে বর্তমানৰ কংগ্রেছ দলৰ আটাইতকৈ জ্যেষ্ঠ বিধায়ক তথা প্রাক্তন মন্ত্রী ভৰত নৰহে মাতমৰাৰ বানপীড়িতই আশ্রয় গ্রহণ কৰা বনাঞ্চলত পুলিচ–প্রশাসনৰ জৰিয়তে উচ্ছেদ চলাই পৰৱর্তী পর্যায়ত নিজেই চাহ বাগিচা স্থাপন কৰে৷ ১২৮ বিঘা ১ কঠা ১৩ লেচা মাটিত নৰহ দম্পতীয়ে স্থাপন কৰা বাগিচাখনৰ নাম হৈছে ৰাণী নৰহ চাহ বাগিচা৷ ৰাণী নৰহ হৈছে ভৰত নৰহৰ পত্নী তথা প্রাক্তন কেন্দ্রীয় মন্ত্রী৷ নৰহ দম্পতীয়ে ১৯৯৮ চনতে এই দুষ্কার্য সংঘটিত কৰে আৰু ২০০০ চনৰ পৰা বাগিচাখন চলি আহিছে৷ শেহতীয়াকৈ অজিত নৰহ নামৰ এজন ব্যক্তিয়ে মিছন বসুন্ধৰাৰ অধীনত উক্ত ১২৮ বিঘা মাটিত পট্টা বিচাৰি আবেদন কৰিছে৷ তদুপৰি সম্প্রতি বগীনদীত থকা ভৰত নৰহৰ ঘৰটোও চৰকাৰী মাটি দখল কৰি নির্মাণ কৰা ঘৰ বুলি অভিযোগ কৰি বিধায়ক ডেকাই কয় যে বৃহৎ বৃহৎ দেৱালেৰে ঘেৰাও কৰি ৰখা বগীনদীৰ সেই ঘৰটোও ১ বিঘা ৪ কঠা মাটিত দখল কৰি নির্মাণ কৰে৷ অথচ ভৰত নৰহ, ৰাণী নৰহে নির্বাচনৰ সময়ত দাখিল কৰা শপতনামাত তেওঁলোকৰ কোনো কৃষিভূমি নাই বুলি উল্লেখ কৰি আহিছে৷ কিন্তু ৰাণী নৰহ চাহ বাগিচাৰ সঞ্চালক মণ্ডলীৰ ভিতৰত ভৰত নৰহ, ৰাণী নৰহ আৰু দুগৰাকী ব্যক্তি আছে৷ ভৰত নৰহে তেওঁ কোনো চৰকাৰী মাটি দখল কৰা নাই বুলি কৰা মন্তব্য প্রসংগত বিধায়ক ডেকাই কয় যে পট্টা থকা মাটিত আন কোনোৱে পট্টা বিচাৰি আবেদন কৰিব নোৱাৰে৷ এনে অৱস্থাত নৰহ দম্পতীৰ বাগিচাৰ মাটি পট্টন বিচাৰি অজিত নৰহ নামৰ লোকজনে কেনেদৰে মিছন বসুন্ধৰাৰ অধীনত পট্টা বিচাৰি আবেদন কৰিব পাৰিলে বুলি তেওঁ প্রশ্ণ কৰে৷ বিধায়ক ডেকাই লগতে ভৰত নৰহে চৰকাৰী মাটি দখল কৰি চাহ বাগিচা স্থাপন কৰাৰ অভিযোগ অসত্য বুলি প্রমাণ কৰিব পাৰিলে তেওঁ বিধায়ক পদেই ত্যাগ কৰিব বুলি প্রত্যাহ্বান জনায়৷ ইপিনে, এক সংবাদ মেলত ভৰত নৰহে তেওঁলোকৰ বিৰুদ্ধে বিধায়ক মানৱ ডেকাই উত্থাপন কৰা অভিযোগ অস্বীকাৰ কৰি কয় যে তেওঁলোকৰ চাহ বাগিচাত ১ কঠাও বনাঞ্চলৰ মাটি নাই৷ কোনো লোকক উচ্ছেদ কৰি তেওঁলোকে চাহ বাগিচা স্থাপন কৰা নাই৷ লখিমপুৰ জিলাত ১৩খনমান সৰু–বৰ চাহ বাগিচা আছে৷ ৫–১০ বছৰ পূর্বে এটা এনজিঅ’ই তেওঁলোকৰ চাহ বাগিচাখনকে ধৰি জিলাখনৰ চাহ বাগিচাসমূহে চৰকাৰী মাটি দখল কৰা বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ত এটা গোচৰ তৰিছিল৷ সেই সময়ত ন্যায়ালয়ে লখিমপুৰ জিলা প্রশাসনৰ পৰা সেই সম্পর্কত শপতনামা বিচাৰে৷ সেই অনুসৰি লখিমপুৰৰ উপায়ুক্তই এক শপতনামাযোগে তেওঁলোকৰ বাগিচাই কোনো চৰকাৰী মাটি দখল কৰা নাই আৰু কোনো লোকক উচ্ছেদ কৰা নাই বুলি আদালতক অৱগত কৰে৷ তেওঁলোকে কেইবাখনো ক্ষুদ্র চাহ বাগিচা ক্রয় কৰাৰ লগতে ১০–১৫ বিঘা ম্যাদী পট্টা মাটি ক্রয় কৰিয়েহে চাহ বাগিচাখন স্থাপন কৰা বুলি উল্লেখ কৰি কয় যে তেওঁলোকে আধাকঠা মাটিও চৰকাৰৰ পৰা লোৱা নাই৷ চাহ বাগিচাখনৰ মাটিতে পট্টা বিচাৰি অজিত নৰহ নামৰ এজন লোকে মিছন বসুন্ধৰাৰ অধীনত আবেদন কৰা প্রসংগত নৰহে কয় যে চৰকাৰে ক্ষুদ্র চাহ খেতিয়কসকলকো যিসকলে চৰকাৰী মাটিত চাহ বাগিচা স্থাপন কৰিছে, তেওঁলোকক মিছন বসুন্ধৰাৰ অধীনত আবেদন কৰিবলৈ কৈছে৷ প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালেও তেনেদৰে কৈছিল৷ তাৰ পৰিপ্রেক্ষিতত তেওঁলোকৰ বাগিচাখনৰ আশে–পাশে থকা কোনো লোকে আবেদন কৰিব পাৰে৷ সংবাদ মেলখনত নৰহে কয় যে সমষ্টি পুনৰ নির্ধাৰণ হৈ যোৱাৰ ফলত অহা বিধানসভা নির্বাচনত তেওঁ লখিমপুৰৰ পৰা প্রতিদ্বন্দ্বিতা কৰিব পাৰে বুলি মানৱ ডেকাই চিন্তা কৰিব পাৰে৷ কাৰণ নাওবৈচা সমষ্টিটো এইবাৰ অনুসূচিত জাতিৰ বাবে সংৰক্ষিত হৈছে৷ তদুপৰি তেওঁৰ গাঁৱৰ লগতে বগীনদী ব্লকটোৰ ৭৩ হাজাৰ ভোটাৰৰ ভিতৰত ৬৩ হাজাৰ ভোটাৰ নৱগঠিত লখিমপুৰ সমষ্টিত অন্তর্ভুক্ত হৈছে৷ ইয়াৰ বিপৰীতে পুৰণা লখিমপুৰ সমষ্টিত ৬০ শতাংশ ভোটাৰে এইবাৰ নৱগঠিত নাওবৈচা আৰু ৰঙানদী সমষ্টিত অন্তর্ভুক্ত হৈছে৷ আনহাতে, বিধায়ক মানৱ ডেকাকো ধোৱা তুলসীৰ পাত নহয় বুলি উল্লেখ কৰি বিধায়ক নৰহে কয় যে লখিমপুৰ মেডিকেল কলেজৰ নিযুক্তি কেলেংকাৰিৰ মহানায়ক হৈছে মানৱ ডেকা৷ বিধায়ক হোৱাৰ আঢ়ৈ বছৰৰ ভিতৰতে মানৱ ডেকাই লখিমপুৰত তিনি মহলীয়া অট্টালিকা নির্মাণ কৰি আছে আৰু লখিমপুৰ বাইবাছৰ আশে–পাশে নিজৰ নামত ২০ বিঘা মাটি ক্রয় কৰিছে৷ ইপিনে, জ্যেষ্ঠ কংগ্রেছ বিধায়ক ভৰত নৰহৰ ভূমি কেলেংকাৰিৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে এই সম্পর্কত প্রতিক্রিয়া প্রকাশ কৰিছে জলসম্পদ, তথ্য আৰু জনসংযোগ, সংসদীয় পৰিক্রমা বিভাগৰ মন্ত্রী পীয়ূষ হাজৰিকাই ৷ মন্ত্রী হাজৰিকাই কয় যে মুখত ডাঙৰ ডাঙৰ কথা কোৱা, নীতিৰ কথা কোৱা ভৰত নৰহে মন্ত্রী হৈ থকা অৱস্থাতে বনাঞ্চলৰ মাটি দখল কৰি পত্নীৰ নামত চাহ বাগিচা কৰিলে৷ তেওঁ মন্ত্রী হৈ থকা অৱস্থাতে সেই চৰকাৰী মাটিৰ পট্টাপর্যন্ত কৰিলে৷ এই ভূমি দখলৰ ঘটনাৰ উচিত তদন্ত হ’বই৷

Featured