মাজবাটৰ অসম-অৰুণাচল সীমান্ত এলেকাত ১৪১ কিলোগ্ৰাম ভাং জব্দ

নিয়মীয়া বাৰ্তা, ১৫ জুলাই : ওদালগুৰি জিলাৰ মাজবাট আৰক্ষীয়ে যোৱানিশা পুনৰ অসম-অৰুণাচল সীমান্ত এলেকাত বৃহৎ পৰিমানৰ ভাং জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে এক গোপন সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত মাজবাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জয় কুমাৰ ডুবে আৰু লালপানী আৰক্ষী চকীৰ আই চি ভাস্কৰ বৰাৰ নেতৃত্বত লালপুলস্থ ২৩ নম্বৰ এছ এছ বি জোৱানৰ সৈতে যোৱা এটা আৰক্ষীৰ দলে অসম-অৰুণাচল সীমান্ত এলেকাৰ নিজৰা চেন্টাৰৰ নিকটৱৰ্তী জ‌ংঘলত নিশা ভাঙৰ সন্ধানত অভিযান চলায়। এই অভিযানত আৰক্ষীৰ দলটোৱে নিজৰা জংঘলৰ মাজত লুকুৱাই থোৱা অৱস্থাত ১৪১ কিলোগ্ৰাম ভাং জব্দ কৰিবলৈ সক্ষম হয়। অৱশ্যে ভাং সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী। জব্দ কৰা ভাংখিনিৰ বজাৰ মূল্য ৭০ লাখ মান হ’ব বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ। আৰক্ষীৰ দলটোৱে ৫খন চাইকেলো জব্দ কৰে। পিছত আৰক্ষীয়ে ভাংসহ চাইকেলকেইখন মাজবাট থানালৈ লৈ আহে। এই সন্দৰ্ভত মাজবাট আৰক্ষীয়ে ২১/২৪ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

প্ৰেৰক ধীৰেন মহলীয়া