বিশ্বনাথত ডেৰ কোটিৰ গাঞ্জা-হেৰ‌’ইন দাহ প্ৰশাসনৰ

বিশেষ বাৰ্তা, ২৬ জুনঃ আন্তৰ্জাতিক ড্ৰাগছ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি বিশ্বনাথত আৰক্ষীয়ে দহন কৰে জব্দকৃত প্ৰায় ডেৰ কোটি টকাৰ অধিক নিচাজাতীয় দ্ৰব্য। বিশ্বনাথৰ পানীভৰালৰ নিৰ্মীয়মান পুলিচ ৰিজাৰ্ভত বিশ্বনাথ জিলা আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত জব্দকৃত নিচাজাতীয় দ্ৰব্য তথা গাঞ্জা আৰু হেৰইন দাহ কৰে। বিশ্বনাথ জিলা আৰক্ষীয়ে বিভিন্ন সময়ত জিলাৰ বিভিন্ন স্থানত অভিযান চলাই ২৯৪ কিলোগ্ৰাম গাঞ্জা আৰু হেৰইন ২০ গ্ৰাম জব্দ কৰিছিল। এই জব্দকৃত ড্ৰাগছৰ অনুমানিক বজাৰ মূল্য প্ৰায় ১,৫১,১৯,০৫০ টকা। নিচাজাতীয় দ্ৰব্য দহন কাৰ্যসূচীত উপস্থিত থাকে বিশ্বনাথৰ মুখ্য ন্যায়িক দণ্ডাধীশ আকলিমা বেগম, আৰক্ষী অধীক্ষক সুভাশীষ বৰুৱা, অতিৰিক্ত আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথ ডেকা, অতিৰিক্ত আৰক্ষী অধীক্ষক অপৰাধ শাখা অমিত হোজাই, উপ আৰক্ষী অধীক্ষক নৱজিৎ দাস বাগৰী, সহকাৰী আয়ুক্ত পুস্পাংকৰ পাতিৰৰ লগতে আবকাৰী বিভাগৰ বিষয়াসহ বিভাগীয় বিষয়ববীয়াসকল।

প্ৰেৰক জয়ন্ত বৰা

Featured