১৫ ছেপ্টেম্বৰলৈকে বৃদ্ধি শিক্ষকৰ ক’ভিড টেষ্টৰ সময়সীমা

নিয়মীয়া বাৰ্তা ২৯ আগষ্টঃ  শিক্ষকৰ ক’ভিড টেষ্টৰ সময় সীমা বৃদ্ধি। শিক্ষকসকলে ১৫ ছেপ্টেম্বৰৰ ভিতৰত ক’ভিড টেষ্ট কৰিব পাৰিব। যি সকল শিক্ষকৰ নিগেটিভ তেওঁলোক ১ ছেপ্টেম্বৰৰ পৰা বিদ্যালয়লৈ যাব লাগিব। ১ ছেপ্টেম্বৰৰ পৰা ১৫ দিন বিদ্যালয় সমূহ ছেনিটেজাইচন কৰা হ’ব। ডেস্ক বেঞ্চ সমূহ সামাজিক দূৰত্ব বজাই ৰখা হ’ব। আনহাতে শিক্ষাৰ্থীক বিনামূল্য মাস্ক প্ৰদান কৰা হ’ব। যেতিয়া ছাত্ৰ-ছাত্ৰী সকলে মিডে মিলৰ বাবে বিদ্যালয়লৈ আহিব সেই সময়ত শিক্ষকে দিব শিক্ষাৰ সমল।

আজি জনতা ভৱনত অনুষ্ঠিত হোৱা এক সংবাদ মেলত এই ঘোষণা কৰিছে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

DR. HIMANTA BISWA SARMAFeatured