দক্ষিণ শালমাৰাত বাংলাদেশলৈ সৰবৰাহ কৰা ১৬টা গৰু উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ১০ জুনঃ যোৱানিশা দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মোগাৰচৰ অঞ্চলৰ পৰা আৰক্ষীয়ে ১৬টা গো-ধন উদ্ধাৰ কৰাৰ সমান্তৰালকৈ এখন নাও জব্দ কৰা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, এক গোপন তথ্যৰ ভিত্তিত যোৱানিশা দক্ষিণ শালমাৰা আৰক্ষী থানাৰ এটি দলে অঞ্চলটোৰ মোগাৰচৰ অঞ্চলত অভিযান চলাই এখন নাৱৰ পৰা গৰুকেইটা উদ্ধাৰ কৰে। গৰুকেইটা ব্ৰহ্মপুত্ৰৰে চোৰাংকৈ বাংলাদেশলৈ সৰবৰাহ কৰিবলৈ অনা হোৱা বুলি প্ৰকাশ।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

Featured