প্ৰতাৰকৰ ফান্দৰ পৰা কথমপি ৰক্ষা : দিল্লীৰ পৰা উভতিল কাছাৰৰ ২৩গৰাকী  যুৱতী 

নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰী : দিল্লীত প্ৰতাৰকৰ ফান্দৰ পৰা ৰক্ষা পৰি ঘৰলৈ উভতি আহিছে কাছাৰৰ ২৩গৰাকী যুৱতী। দিল্লীৰ পৰা উভতি অহাৰ পিছত তেওঁলোকে কাছাৰৰ আৰক্ষী অধীক্ষকক ভেলুয়াৰ ফেব টেক্স প্ৰাইভেট লিমিটেড নামৰ এটা ট্ৰেইনিং চেণ্টাৰৰ মেনেজাৰ বিবেক কুমাৰ, সৌমিত্ৰ দাসকে ধৰি ৮জন লোকৰ বিৰুদ্ধে প্ৰতাৰণা কৰাৰ অভিযোগ দাখিল কৰিছে। দিল্লীৰ পৰা উভতি অহা যুৱতী আৰু কিশোৰীকেইগৰাকীয়ে কয় যে যোৱা বছৰৰ মে’ মাহত শিলচৰ আশ্রম ৰোডৰ বিষফুটিৰ ভেলুয়াৰ ফেব টেক্স প্ৰাইভেট লিমিটেডত নাৰ্ছিং প্ৰশিক্ষণৰ বাবে ভৰ্তি হৈছিল। ৬ মাহৰ পাঠ্যক্ৰমত ৪ মাহৰ থিঅ’ৰী আৰু ২ মাহ প্ৰেক্টিকেল। পিছত সৌমিত্ৰ দাস নামৰ এজেণ্টে পাঠ্যক্ৰম শেষ কৰি দিল্লীৰ সাৰদা হাস্পতাললৈ লৈ যায়। তেওঁলোকক কোৱা হয় যে দিল্লীত ভাল খাদ্য আৰু জীৱন-যাপনৰ ব্যৱস্থা কৰা হ’ব। কিন্তু তালৈ যোৱাৰ পিছত থকাৰ ব্যৱস্থা নাছিল। প্ৰথম নিশা দিল্লী-হাৰিয়ানা ৰোডত এটা কোঠা দিয়া হৈছিল।  পিছদিনা পুৱা দেখা পায় যে এলেকাতো ৰেড লাইট । তাৰ পৰা গাজিয়াবাদলৈ লৈ যোৱা হয়। তেতিয়া সৌমিত্ৰই যশোদা হাস্পতালৰ নিখিল বাৰ্মা নামৰ এজন ব্যক্তিৰ লগত চিনাকি কৰাই দিয়ে। নিখিল বাৰ্মাই  চিকিৎসালয়লৈ লৈ গৈ চাফাই কামত নিয়োজিত কৰে। এই কামত আপত্তি কৰিলে নিখিল বাৰ্মাই বিভিন্ন ধৰণৰ ভাবুকি দিছিল। তাৰ পিছত তেওঁলোক তাৰ পৰা পলাই আহে।  ইফালে, ভেলুয়াৰ ফেবটেক্স প্ৰাইভেট লিমিটেডৰ বিষয়াসকলে ছোৱালীকেইজনীয়ে উত্থাপন কৰা অভিযোগ খণ্ডন কৰি ঘটনাৰ সঠিক তদন্তৰ দাবী জনায়। ব্যক্তিগত সংস্থাটোৰ বিষয়াসকলে শিলচৰত বিগত ৪ বছৰ ধৰি বৰাকৰ শিক্ষিত নিবনুৱাক বিভিন্ন প্ৰশিক্ষণেৰে চাকৰিৰ সুবিধা প্ৰদান কৰা বুলি জানিবলৈ দিয়ে। আজি তেওঁলোকে কয় যে তেওঁলোকৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগ সম্পূৰ্ণ মিছা আৰু ইচ্ছাকৃত।  বেচৰকাৰী সংস্থাসমূহৰ বিষয়াসকলে ঘটনাৰ তথ্য প্ৰকাশ কৰাৰ লগতে প্ৰয়োজন হ’লে তদন্ত কৰিবলৈ দাবী জনাইছে।
প্ৰেৰক গৌতম তালুকদাৰ
Featured