দুই ছেপ্টেম্বৰত ২৩,৯৫৬ ঠিকাভিত্তিক শিক্ষকক নিযুক্তি–পত্র

🔹 ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষকৰ বাবে সুখবৰ

🔹 গুৱাহাটী উচ্চ ন্যায়ালয়ে স্থগিতাদেশ আঁতৰোৱাৰ পিছতে শিক্ষা বিভাগৰ তৎপৰতা

বিশেষ বাৰ্তা, ১ ছেপ্টেম্বৰ : ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষকসকললৈ সুখবৰ কঢ়িয়াই আনিছে ৰাজ্য চৰকাৰে৷ দীর্ঘদিনীয়া দাবী আৰু প্রতীক্ষাৰ অন্তত শিক্ষা বিভাগে ২৩,৯৫৬গৰাকী ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ সিদ্ধান্ত লৈছে৷ এই অনুসৰি এই শিক্ষকসকলক অহা ২ ছেপ্টেম্বৰত প্রদান কৰা হ’ব নিযুক্তি–পত্র৷ উল্লেখ্য যে প্রায় ৩৫ হাজাৰ ঠিকাভিত্তিক শিক্ষকৰ পদ নিয়মীয়াকৰণৰ বাবে দীর্ঘ সময়ৰ পৰা দাবী উত্থাপন কৰি আহিছিল সদৌ অসম ঠিকাভিত্তিক শিক্ষক সমাজে৷ আনকি বিভিন্ন সময়ত প্রতিবাদী কার্যসূচী গ্রহণ কৰা ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ বাবে ৰাজ্য চৰকাৰে শেহতীয়াকৈ সিদ্ধান্ত গ্রহণ কৰিছিল যদিও নিয়মীয়াকৰণৰ ক্ষেত্রত শিক্ষা বিভাগে জাৰি কৰা চর্তক কেন্দ্র কৰি সৃষ্টি হৈছিল তীব্র প্রতিক্রিয়া৷ বিশেষকৈ টেট উত্তীর্ণ শিক্ষকসকলে চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্রত বেতন সুৰক্ষাৰ দাবী উত্থাপন কৰাৰ লগতে তেওঁলোকে যি সময়ৰ পৰা শিক্ষকতা কৰি আছে, সেই সময়ৰ পৰাই বেতন আৰু ইয়াৰ লগত লাভ কৰা অন্যান্য বানচসমূহ সংলগ্ণ কৰি নিয়মীয়াকৰণৰ দাবী তুলিছিল৷ উল্লেখ্য যে ৰাজ্য চৰকাৰে শেহতীয়াকৈ ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ বাবে প্রকাশ কৰা বিজ্ঞাপনত উল্লেখ কৰা হৈছিল যে যি সময়ৰ পৰা শিক্ষকসকলৰ চাকৰি নিয়মীয়া হ’ব উক্ত দিনৰ পৰাই তেওঁলোকৰ দৰমহা নির্ধাৰণ কৰা হ’ব৷ মুখ্যতঃ ইয়াকে লৈ আপত্তি তুলিছিল টেট উত্তীর্ণ শিক্ষক সমাজে৷ বিগত ১০ বছৰৰো অধিক সময় ধৰি শিক্ষকতা কৰি থকাৰ পাছত দৰমহা বৃদ্ধি হোৱাৰ পিছত এতিয়া আকৌ নতুনকৈ নিযুক্তি লাভ কৰিলে পূর্বৰ বেতন সুৰক্ষিত নাথাকিব বুলি আপত্তি তোলা শিক্ষকসকলে শিক্ষা বিভাগৰ বিজ্ঞাপনৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল৷ কালি ন্যায়ালয়ে আবেদনখনৰ শুনানি গ্রহণ কৰি শিক্ষা বিভাগৰ বিজ্ঞাপনৰ ওপৰত পূর্বে কৰা স্থগিতাদেশ আঁতৰ কৰাৰ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ে যিসকলে বিজ্ঞাপনৰ বিপৰীতে নিয়মীয়াকৰণৰ আবেদন কৰিছিল তেওঁলোকৰ প্রক্রিয়া আগুৱাই নিবলৈ নির্দেশ দিয়ে৷ উল্লেখ্য যে ৩৫ হাজাৰ ঠিকাভিত্তিক শিক্ষকৰ মুঠ ২৩,৯৫৬গৰাকী শিক্ষকে এই নিয়মীয়াকৰণৰ বাবে আবেদন জনাইছিল৷ ন্যায়ালয়ে শিক্ষা বিভাগক এইবুলি নির্দেশ দিয়ে যে যিসকলে আবেদন জনাইছে তেওঁলোকৰ নিয়মীয়াকৰণৰ প্রক্রিয়া আগুৱাই নিব লাগে৷ অৱশ্যে ষ্টেটপুল ঠিকাভিত্তিক শিক্ষক সমাজে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনখনৰ শুনানি প্রক্রিয়া অব্যাহত ৰাখিব গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ ন্যায়ালয়ৰ এই নির্দেশৰ পাছতেই শিক্ষা বিভাগে শিক্ষকসকলৰ পদ নিয়মীয়াকৰণৰ বাবে সিদ্ধান্ত গ্রহণ কৰে৷ সেই অনুসৰিয়ে ২ ছেপ্টেম্বৰত ৰাজ্য চৰকাৰে নিয়মীয়াকৰণৰ বাবে আবেদন জনোৱা প্রায় ২৪ হাজাৰ শিক্ষকক নিযুক্তি–পত্র বিতৰণ কৰিব৷

Featured