বিশেষ বাৰ্তা, ২৩ মাৰ্চঃ চাহ প্ৰেমী সকলৰ বাবে এক সুন্দৰ খবৰ। এতিয়া দেশত বহিয়ে ২৪ কেৰেট সোণেৰে বনোৱা চাহত চুমুক দিব পাৰিব। ডুবাইত সোণেৰে তৈয়াৰী চাহৰ কথা হয়তো বহুতে শুনিছে, কিন্তু সোণৰ চাহ খাবলৈ বিদেশলৈ যোৱাৰ প্ৰয়োজন নাই এতিয়াৰ পৰা।ইয়াৰ বাবে কেৱল পকেট গধুৰ হ’ব লাগিব। অসমৰ চাহ ব্যৱসায়ী ৰঞ্জিত বৰুৱাই লৈ আহিছে ২৪ কেৰেট সোণৰ চাহ, যাৰ মূল্য প্ৰতি কেজি ২.৫ লাখ টকা। এই চাহৰ মাত্ৰ এটা চুমুক দিলেই আপুনি সম্পূৰ্ণ বেলেগ অনুভৱ কৰিব পাৰে।
সোণালী পানীয় ‘স্বৰ্ণ পোনম’ বিশুদ্ধ চাহ। এই চাহ বিশেষভাৱে তৈয়াৰ কৰা হৈছে। ইয়াত ২৪ কেৰেটৰ খাব পৰা সোণৰ মিহি পাহি আছে। এই বিশেষ চাহ তৈয়াৰ কৰিছে ৰঞ্জিত বৰুৱাই। চাহ ব্যৱসায়ত তেওঁ অসমত সু-পৰিচিত। ইউৰোপত চাহ বিক্ৰী কৰি লাইমলাইটলৈ আহিছিল তেওঁ। অসমৰ এই বিৰল ক’লা চাহত মৌ, গুৰ, ক’ক’ মিহলি কৰা হৈছে। চাহৰ কোমল পাতৰ পৰা প্ৰস্তুত কৰা এইবিধ বৰ সুকীয়া সোৱাদৰ চাহ। এই চাহে নিশ্চিতভাৱে সকলোকে আকৰ্ষণ কৰিব পাৰিব বুলি আশা কৰা হৈছে।
ৰঞ্জিত বৰুৱাই উদ্যোগপতি হিচাপে প্ৰতিষ্ঠিত হোৱাৰ পূৰ্বে প্ৰায় দুটা দশক চাহ খণ্ডত কাম কৰিছিল। বৰ্তমান এৰোমিকাত ৪৭ বিধতকৈও অধিক চাহ আছে। শেহতীয়াকৈ ৰঞ্জিত বৰুৱাই ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিৰ নামেৰে চিটিচি চাহ মুকলি কৰি শিৰোনাম দখল কৰিছিল।