গুলীৰ শব্দত টোপনিৰ পৰা সাৰ পালে ২৫টা পৰিয়ালে

🔹 কাছাৰৰ সীমান্তৱৰ্তী জিৰিবামৰ বনাঞ্চলত গুলীয়াগুলী, নিহত ৩

নিয়মীয়া বাৰ্তা, ৭ ছেপ্টেম্বৰ : মণিপুৰৰ পৰিস্থিতি এতিয়াও শান্ত হোৱা নাই। মণিপুৰৰ অগ্নিগৰ্ভা  পৰিস্থিতিৰ বাবে আজিও বজাৰ-হাট, বিদ্যালয়-মহাবিদ্যালয়, অফিচসমূহ বন্ধ ৰখা হৈছে। এইবাৰ উন্নত ড্ৰোন, ৰকেট আক্ৰমণেৰে উত্তপ্ত মণিপুৰ। ইম্ফলত সংঘটিত ঘটনাৰ পিছত আজি জিৰিবাম স্তব্ধ হৈ পৰিছে। অসমৰ কাছাৰ জিলাৰ সীমান্তৱৰ্তী জিৰিবাম জিলাত শনিবাৰে পুৱা ৫ বজাৰ পৰা আৰম্ভ হয় গোলাবৰ্ষণ। জিৰিবামৰ ৰছিদপুৰ চাহ বাগিচা অঞ্চলটো ঘন বনাঞ্চল। এই বনাঞ্চলত শনিবাৰে পুৱাৰে পৰা কুকি আৰু মৈইটেই উগ্ৰপন্থীৰ মাজত বন্দুকৰ যুদ্ধ হয়। দুয়োপক্ষৰ মাজত হোৱা বন্দুকৰ যুঁজত তিনিজন লোক নিহত হোৱাৰ খবৰ পোৱা গৈছে। মৈইটেই জনগোষ্ঠীৰ এজন যুৱক আৰু কুকি জনগোষ্ঠীৰ দুজন যুৱকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। পুৱা বহু সময় ধৰি বন্দুকৰ যুঁজ অব্যাহত আছিল। ৰছিদপুৰ চাহ বাগিচা অঞ্চলত প্ৰায় ২০/২৫টা পৰিয়ালে বসবাস কৰে। ঘটনাৰ পিছত তেওঁলোক নিৰাপদ আশ্ৰয়স্থললৈ গুচি যায়। শনিবাৰে পুৱা দুইপক্ষৰ গুলীৰ শব্দত মানুহ টোপনিৰ পৰা সাৰ পাই উঠে। ইয়াৰ ফলত জিৰিবামৰ দুৰ্গম অঞ্চলৰ ৰাইজ আতংকিত হৈ পৰে। দুয়োপক্ষৰ মাজত হোৱা বন্দুকৰ যুঁজত তিনিজন লোকৰ মৃত্যুৰ উপৰি আন কেইবাজনো লোক আহত হোৱা বুলি জানিব পৰা গৈছে।

প্ৰেৰক গৌতম তালুকদাৰ

Featured