২৭গৰাকী কীৰ্তিমানক সম্বৰ্ধনা কমলপুৰ ষ্টাৰ ক্লাবৰ

নিয়মীয়া বাৰ্তা,  ২৬ মে’ : বৃহত্তৰ কমলপুৰ অঞ্চলৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ডিষ্টিংচন আৰু ষ্টাৰ নম্বৰ লাভ কৰা ২৭গৰাকী কীৰ্তিমানক সম্বৰ্ধনা জনোৱা হয় । কমলপুৰ ষ্টাৰ ক্লাবে আজি কমলপুৰ গাঁও পঞ্চায়তৰ প্ৰাংগণত আয়োজন কৰা এই সম্বৰ্ধনা অনুষ্ঠানটো সঞ্চালনা কৰে ষ্টাৰ ক্লাবৰ সভাপতি মইনুল আলীয়ে । সম্বৰ্ধনা আনুষ্ঠানটোত কীৰ্তিমানসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে কমলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ চান মহম্মদ আলী আহমেদ, শংকৰ-আজান শিক্ষা নিকেতনৰ অধ্যক্ষ কমল চন্দ্ৰ ডেকা আৰু সাংবাদিক দীপক দাসে । বক্তাসকলে কীৰ্তিমানসকলক সমাজৰ একো একোগৰাকী সু-নাগৰিক হিচাপে প্ৰতিষ্ঠিত হৈ সমাজসেৱা কৰিবলৈ আহ্বান জনায় । তেতিয়াহে ছাত্র-ছাত্ৰীসকলৰ শিক্ষাৰ সাৰ্থকতা যথাযথ ৰূপত প্ৰতিষ্ঠিত হ’ব । কীৰ্তিমানসকলক মানপত্ৰ, ফুলাম গামোচা, কিতাপৰ টোপোলা আদিৰে সম্বৰ্ধনা জনায় । অনুষ্ঠানত কীৰ্তিমানসকলৰ অভিভাৱক তথা স্থানীয় সাংবাদিক বিপুল ডেকা, নয়নজ্যেতি দাস আৰু গাঁওপ্ৰধান গৌতম ডেকা উপস্থিত থাকে ।
প্ৰেৰক দীপক দাস
Featured