নিয়মীয়া বাৰ্তা ২ ডিচেম্বৰঃ উৎপাদিত ফচলৰ নূ্যনতম সমর্থনমূল্য ঘোষণাৰ দাবীত পঞ্জাব–হাৰিয়ানাৰ হাজাৰ হাজাৰ খেতিয়কে কঁপাই তুলিছে দিল্লীৰ মছনদ৷ সংসদৰ বিগত অধিৱেশনত গৃহীত হোৱা নতুন কৃষি আইনত নূ্যনতম সমর্থনমূল্য (এমএছপি)ৰ প্রসংগ উল্লেখ নথকা বাবেই প্রতিবাদমুখৰ হৈ উঠিছে দেশৰ কৃষক সমাজ৷ কৃষক ৰাইজৰ মূল দাবীটোৱে হ’ল– পূর্বৰ দৰে চৰকাৰে উৎপাদিত শস্যৰ নূ্যনতম সমর্থনমূল্য বাহাল ৰাখিব লাগিব৷ কিন্তু নতুন আইনত এই বিষয়ে কোনো স্পষ্ট উল্লেখ নাই৷ কেন্দ্রীয় চৰকাৰে শেহতীয়াকৈ গৃহীত কৰা কৃষি আইন অনুসৰি কৃষকসকলক বিপণন পৰিষদসমূহৰ দ্বাৰা নিয়ন্ত্রিত বজাৰৰ বাহিৰেও অন্য স্থানত ফচল বিক্রীৰ পথ মোকলাই দিয়া হৈছে৷ একেদৰে বৃহৎ পুঁজিপতিসকলেও কৃষকৰ লগত আগতীয়া চুক্তি কৰি খেতি কৰিব পাৰিব৷ চৰকাৰৰ মতে, এই আইন বলৱৎ হোৱাৰ পিছত কৃষিখণ্ডত ব্যক্তিগত বিনিয়োগ বাঢ়িব আৰু ইয়াৰ ফলত নতুন আন্তঃগাঁথনিৰ সৃষ্টি হ’ব৷ তদুপৰি মুকলি বজাৰত ফচল বিক্রী হ’লে বজাৰত সৃষ্টি হোৱা প্রতিযোগিতাৰ লাভ কৃষকে আদায় কৰিব পাৰিব৷ কিন্তু চৰকাৰৰ এই ঘোষণাই দেশৰ আগশাৰীৰ কৃষিপ্রধান ৰাজ্যৰ কৃষকসকলক আশ্বস্ত কৰিব পৰা নাই৷ তেওঁলোকৰ মতে চৰকাৰে ঘোষণা কৰা নূ্যনতম সমর্থনমূল্য একপ্রকাৰ নিৰাপত্তা আৱেষ্টনীৰ দৰে৷ নূ্যনতম সমর্থনমূল্য বা এমএছপি প্রত্যাহাৰ কৰিলে ব্যক্তিগত খণ্ডই কেতিয়াও কৃষকসকলক উপযুক্ত মূল্য প্রদান নকৰিব বা উৎপাদন অধিক হ’লে কৃষকসকলে পানীৰ দামত মুকলি বজাৰত ফচল বিক্রী কৰিব লাগিব৷ পঞ্জাব, হাৰিয়ানা, উত্তৰ প্রদেশ আদিৰ কৃষকে এমএছপি বাহাল ৰখাৰ দাবীত গঢ়ি তোলা আন্দোলনে দিল্লীৰ মছনদ কঁপাই তুলিছে যদিও অসমত এই বৃহৎ কৃষক আন্দোলনৰ এতিয়াও বিশেষ প্রভাৱ পৰা নাই৷ স্বাভাৱিকতে প্রশ্ণ উঠিছে– দিল্লী কঁপি উঠা কৃষক আন্দোলনৰ প্রতি অসমৰ ২৭.২০ লাখ কৃষকৰ কিয় আগ্রহ নাই৷ এই প্রশ্ণৰ মূল উত্তৰটোৱে হ’ল ৰাজধানী কঁপাই তোলা কৃষক বিদ্রোহৰ মূল দাবীৰ লগত অসমৰ লাখ লাখ কৃষকৰ কোনো পৰিচয় নাই৷ উৎপাদিত ফচলৰ নূ্যনতম সমর্থনমূল্য আমাৰ কৃষকসকলৰ বাবে এতিয়াও অলীক সপোন হৈ ৰৈছে৷ কোনো এটা শস্যৰ বতৰতে অসমৰ খেতিয়কে উচিত মূল্য লাভ কৰাৰ উদাহৰণ নাই৷ বিশেষকৈ ধান উৎপাদনৰ ক্ষেত্রত অসমৰ কৃষকে বছৰি নতুন অভিলেখ গঢ়ি আহিছে৷ ২০১৬–১৭ বর্ষত ৮০ লাখ মেট্রিকটন, ২০১৭–১৮ বর্ষত ৮২ লাখ মেট্রিকটন, ২০১৮–১৯ বর্ষত ৮৯ লাখ মেট্রিকটন আৰু ২০১৯–২০ বর্ষত পূর্বৰ বছৰসমূহতকৈ অধিক ধান অসমত উৎপাদন হৈছে৷
অথচ চৰকাৰী কোনো এটা এজেন্সীয়ে অসমৰ কৃষকৰ পৰা উপযুক্ত মূল্য দি ধান ক্রয় নকৰে৷ মুষ্টিমেয় একাংশ খেতিয়কেহে নূ্যনতম সমর্থনমূল্যত ধান বিক্রী কৰাৰ সুবিধা লাভ কৰে৷ ভাৰতত উৎপাদন হোৱা মুঠ চাউলৰ ৪.২ শতাংশ উৎপাদন হয় অসমত৷ পশ্চিমবংগই ১৩.৮ শতাংশ, উত্তৰ প্রদেশে ১৩.৩ শতাংশ, অন্ধ্রপ্রদেশে ১২.২ শতাংশ, পঞ্জাবে ১০ শতাংশ, তামিলনাডুৱে ৭ শতাংশ, বিহাৰে ৬.৮ শতাংশ, ছত্তিশগড়ে ৫.৭ শতাংশ, ওড়িশাই ৫.৫ শতাংশ চাউল উৎপাদন কৰে৷ ইয়াৰ বিপৰীতে ৰাজ্যখনৰ মাত্র ০.২০ শতাংশ কৃষকেহে নূ্যনতম সমর্থনমূল্য লাভ কৰিছে৷ চৰকাৰী তথ্য মতে, ধানৰ নূ্যনতম সমর্থনমূল্য লাভ কৰা অসমৰ কৃষকৰ সংখ্যা হ’ল ২৪,৫৫২গৰাকী৷ ইয়াৰ বিপৰীতে তেলেংগানাৰ ১৯.৮৮ লাখ, হাৰিয়ানাৰ ১৭.৯১ লাখ, ছত্তিশগড়ৰ ১৮.৩৮ লাখ, ওড়িশাৰ ১১.৬১ লাখ, পঞ্জাবৰ ১১.২৫ লাখ, অন্ধ্রপ্রদেশৰ ৬.৬৯ লাখ কৃষকে ২০১৯–২০ বর্ষৰ ধানৰ নূ্যনতম সমর্থনমূল্য লাভ কৰিছে৷ পৰিসংখ্যাই প্রমাণ কৰে যে নূ্যনতম সমর্থনমূল্য কি, সেয়া অসমৰ ২৭.২০ লাখ কৃষকৰ অধিকাংশই নাজানে৷ ২০১৯–২০ বর্ষত চৰকাৰে সাধাৰণ শ্রেণীৰ ধানৰ বাবে প্রতি কুইণ্টলত ১,৮৬৮ টকা আৰু ‘গ্রেড–এ’ শ্রেণীৰ ধানৰ বাবে প্রতি কুইণ্টলত ১,৮৯৮ টকা দৰ নির্ধাৰণ কৰিছে৷ অথচ ভাৰতীয় খাদ্য নিগম বা অসম ৰাজ্যিক কৃষি বিপণন পৰিষদে ৰাজ্যৰ খেতিয়কসকলৰ পৰা ধান ক্রয় কৰাৰ ক্ষেত্রত সদায়ে অনীহা দেখুৱাই আহিছে৷ যাৰ বাবে কৃষকে ৮০০–৯০০ টকা দামত প্রতি কুইণ্টল ধান বিক্রী কৰিবলগীয়া হৈছে৷ এয়াই গৈছে অসমৰ কৃষি আৰু বজাৰ ব্যৱস্থাৰ বাস্তৱ ছবি৷ পঞ্জাব, হাৰিয়ানা আদিৰ অধিকাংশ কৃষকে উৎপাদিত সামগ্রীৰ নূ্যনতম সমর্থনমূল্য লাভ কৰে বাবেই স্বাচ্ছন্দ্যৰে জীৱন কটাব পাৰে৷ কিন্তু অসমৰ কৃষকে সদায়ে পানীৰ দৰত ফচল বিক্রী কৰিবলগীয়া হোৱাত তেওঁলোকৰ অৱস্থাও পানীত হাঁহ নচৰা হৈ পৰিছে৷