উজনি-নামনি সর্বত্র হাহাকাৰ : কালৰূপী বানৰ কবলত ২৯ জিলা

🎯 জলমগ্ন কাজিৰঙা-পবিতৰা-ওৰাং- ডিব্রু ছৈখোৱাৰ বিস্তীর্ণ এলেকা

নিয়মীয়া বাৰ্তা ডিজিটেল, ৪ জুলাইঃ আহাৰৰ বানত ককবকাইছে উজনি-নামনি৷ বিভিন্ন স্থানত কেইবাখনো নদীৰ মথাউৰি ছিগি যোৱাৰ ফলত প্রান্তে প্রান্তে অৱর্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে৷ আপোন ঘৰখন এৰি প্রাণৰ মমতাত বন্যার্তই আশ্রয় ল’বলগীয়া হৈছে সুৰক্ষিত স্থানত৷ উজনিৰ পৰা নামনিলৈ এতিয়া জলপ্রলয়ত সূচনা হৈছে মহাপ্রলয়ৰ৷ অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণৰ তথ্য অনুসৰি ২৯খন জিলাৰ ১০৫টা ৰাজহ চক্রৰ ২,৮০০খন গাঁও বানত ক্ষতিগ্রস্ত হৈছে৷ বানপীড়িত লোকৰ সংখ্যা ১৬,২৫,০৮৯৷ আনহাতে বানত প্লাৱিত হৈছে ৩৯,৪৫১ হেক্টৰ কৃষিভূমি৷ প্রাধিকৰণৰ তথ্য অনুসৰি আজিৰ দিনটোত আঠজন লোকে প্রাণ হেৰুৱাইছে৷ সেই অনুসৰি মৰিগাঁৱত এজন, ডিব্রুগড়ত এজন, শোণিতপুৰত দুজন, গোলাঘাটত এজন, দৰঙত এজন, বিশ্বনাথত এজন, তিনিচুকীয়াত এজন লোকে প্রাণ হেৰুৱাইছে৷ প্রাণ হেৰুওৱা লোকসকলৰ ভিতৰত ৬জন পুৰুষ, এগৰাকী মহিলা আৰু এটি শিশুও আছে বুলি উল্লেখ কৰিছে প্রাধিকৰণে৷ ইয়াৰ লগে লগে চলিত বর্ষত বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৬জনলৈ বৃদ্ধি পালে৷ সমান্তৰালভাৱে ৰাজ্যত বানত ক্ষতিগ্রস্ত হৈছে পশুধন৷ প্রাধিকৰণৰ প্রতিবেদনত উল্লেখ কৰা অনুসৰি ১১,২০,১৬৫টা পশুধন ক্ষতিগ্রস্ত হৈছে৷ ইতিমধ্যে ৰাজ্যত বন্যার্তৰ বাবে বান শিবিৰ স্থাপন কৰা হৈছে৷ সম্প্রতি ৰাজ্যত স্থাপন কৰা বান শিবিৰৰ সংখ্যা ৫১৫টা৷ ইয়াৰ ভিতৰত ৩৩৪টা সাহায্য বিতৰণ কেন্দ্র৷ উল্লেখ্য যে বিগত কিছুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যত বানে গুৰুতৰ ৰূপ ধাৰণ কৰিছে৷ বিশেষকৈ উজনিৰ কেইবাখনো জিলাত বান পৰিস্থিতি জটিল হৈ পৰিছে৷ নদীদ্বীপ মাজুলীত বানপানীয়ে ব্যাপক ক্ষতিগ্রস্ত কৰাৰ বাতৰিও লাভ কৰা হৈছে৷ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ উপৰি ওৰাং ৰাষ্ট্রীয় উদ্যান, পবিতৰা অভয়াৰণ্য আৰু ডিব্রু–ছৈখোৱা ৰাষ্ট্রীয় উদ্যানো বানত প্লাৱিত হৈছে৷ যাৰ ফলত বন্য জীৱ–জন্তুসমূহে বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত আশ্রয় গ্রহণ কৰিছে৷ গুৱাহাটীতো বৃদ্ধি পাইছে ব্রহ্মপুত্রৰ জলস্তৰ৷ ভৰলু আৰু পাণ্ডুত ব্রহ্মপুত্রৰ পানীয়ে কেইবাটাও অঞ্চল প্লাৱিত কৰিছে৷ ব্রহ্মপুত্রৰ জলস্তৰ বৃদ্ধি পোৱাৰ প্রতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলা প্রশাসনে কেতবোৰ নির্দেশনাৱলীও জাৰি কৰিছে৷

Featured