শিলচৰত ৬ কোটি টকাৰ য়াবা টেবলেটসহ আটক ৩

নিয়মীয়া বাৰ্তা, ২৩ মে’ : কাছাৰ আৰক্ষীয়ে এক অভিযান চলাই শিলচৰ চহৰতলীত ২০ হাজাৰ সন্দেহযুক্ত য়াবা টেবলেট জব্দ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীয়ে ঘুংগুৰ ৰাষ্ট্ৰীয় ঘাইপথত নিষিদ্ধ সামগ্ৰী পৰিবহণ সম্পৰ্কীয় এক নিৰ্দিষ্ট তথ্যৰ ভিত্তিত তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে। তেওঁলোক হ’ল নিজাম উদ্দিন (৫৬ ), ঘৰ জিৰিঘাট লালপানী, ডিমদুয়ানলুং ৰংমেই (৫০), ঘৰ জিৰিঘাট আৰু কমল উদ্দিন (৫০), ঘৰ শিলডুবিl । ঘুংগুৰ জিৰ’ পইণ্টত তেওঁলোকৰ দুটা পেকেটত অনা য়াবা টেবলেটখিনি জব্দ কৰে । ক’লা বজাৰত উক্ত য়াবা টেবলেটখিনিৰ মূল্য ৬ কোটি টকা হ’ব বুলি কাছাৰৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই জানিবলৈ দিয়ে। আৰক্ষীয়ে ধৃতকেইজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিছে।

প্ৰেৰক গৌতম তালুকদাৰ

Featured