বঙাইগাঁৱৰ ৩ বিডিঅ’লৈ কাৰণ দৰ্শোৱাৰ জাননী

বিশেষ বাৰ্তা, ৫ ফেব্ৰুৱাৰী : বঙাইগাঁও জিলাৰ তিনিগৰাকীকৈ খণ্ড উন্নয়ন বিভাগক ৰাজ্যৰ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগে কাৰণ দর্শোৱাৰ জাননী জাৰি কৰিছে। ‘এৰিয়া অফিচাৰ এপ’ ব্যৱহাৰত ব্যৰ্থ হোৱাৰ বাবে ডাংতল উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ৰৌছানুৰ ৰহমান আহমেদ, সৃজনগ্রাম উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া চৈয়দ জাকিৰুল্লাহ আৰু টাপাট্টাৰী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া মণিৰুদ্দিন আহমেদক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে ৷ বিষয়াকেইগৰাকীলৈ যোৱা ২৯ জানুৱাৰীত এই কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে ৰাজ্যৰ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ যুটীয়া সচিবে। জাননীখনত উল্লেখ কৰা মতে যোৱা নৱেম্বৰ মাহত নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত গ্রামোন্নয়ন মন্ত্ৰ্যালয়ৰ এক সভাত ‘এৰিয়া অফিচাৰ এপ’ৰ ব্যৱহাৰৰ বিষয়ে পৰ্য্যালোচনা কৰা হয় । দেশৰ বিভিন্ন প্রান্তৰ কেতবোৰ উন্নয়ন খণ্ডত এই এপটো সঠিকভাবে ব্যৱহাৰ নোহোৱা বিষয়টো ধৰা পৰে। অসমৰ বঙাইগাঁও জিলাৰ সৃজনগ্রাম উন্নয়ন খণ্ড, টাপাট্টাৰী উন্নয়ন খণ্ড আৰু ডাংতল উন্নয়ন খণ্ডতো ‘এৰিয়া অফিচাৰ এপ’ৰ সঠিক ব্যৱহাৰ নোহোৱা বুলি পৰ্যালোচনাত ধৰা পৰে। কিন্তু ইয়াৰ পিছতো যোৱা জানুৱাৰী মাহলৈকে উল্লিখিত উন্নয়ন খণ্ডকেইটাত ‘এৰিয়া অফিচাৰ এপ’ৰ ব্যৱহাৰ সঠিক হৈ নুঠিল। উন্নয়ন খণ্ড তিনিটাৰ এই ব্যর্থতাই এপটোৰ ব্যৱহাৰৰ ক্ষেত্ৰত ৰাজ্যখনৰ দক্ষতাৰ মূল্যায়নতো প্রভাৱ পেলাইছে। উল্লেখযোগ্য যে এই এপটোত পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ আঁচনিবোৰ ৰূপায়ণৰ সময়, আঁচনি ৰূপায়ণৰ প্রমাণ আৰু বিভাগটোৰ বিষয়াসকলৰ ক্ষেত্র পৰিদৰ্শনৰ তথ্যকে ধৰি বিভিন্ন বিভাগীয় তথ্য সন্নিৱিষ্ট কৰা হয়। কাৰণ দর্শোৱা জাননীখনত উল্লেখ কৰামতে উল্লিখিত উন্নয়ন খণ্ডকেইটাত এই এপটোৰ ব্যৱহাৰত অগ্রগতি হোৱা নাই আৰু এইটোৱে তিনিওগৰাকী খণ্ড উন্নয়ন বিষয়াৰ কৰ্তব্য পালনত অদক্ষতা আৰু গাফিলতি প্রতিফলিত কৰিছে। গতিকে সংবিধানৰ ৩১১নং অনুচ্ছেদৰ অধীনত অসম চৰকাৰৰ সেৱা বিধি (অনুশাসন আৰু আপীল), ১৯৬৪ৰ ৯ নম্বৰ নিয়মমতে বিষয়াকেইজনৰ বিৰুদ্ধে কিয় শাস্তিমূলক ব্যৱস্থা লোৱা নহ’ব, তাৰ উত্তৰ বিচাৰি খণ্ড উন্নয়ন বিষয়াকেইগৰাকীলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে উত্তৰ বিচাৰিছে অসমৰ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ যুটীয়া সচিবে।

প্ৰেৰক উপানন্দ শৰ্মা

Featured