শিৱসাগৰ প্ৰেছ ক্লাবৰ ৩২সংখ্যক প্ৰতিষ্ঠা দিৱস

নিয়মীয়া বাৰ্তা, ১৩ জানুৱাৰী : শিৱসাগৰ প্ৰেছ ক্লাবে ইতিমধ্যে ৩২টা বসন্তত ভৰি দিছে। ক্লাবৰ পৰহি ৩২সংখ্যক প্ৰতিষ্ঠা দিৱসটি এক বণাৰ্ঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়। পুৱা ক্লাবৰ পতাকা উত্তোলন কৰি অনুষ্ঠানটোৰ শুভাৰাম্ভ কৰে ক্লাবৰ সভাপতি তথা গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সব্যসাচী মহন্তই। ইয়াৰ পিছতেই স্মৃতি তৰ্পণ কৰে ক্লাবৰ উপ-সভাপতি তথা শিৱসাগৰ কলেজৰ অধ্যাপক ড০ উৎপল দত্তই। সন্ধিয়া ক্লাবৰ উজ্জ্বল দত্ত সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এক অন্তৰংগ আলাপ আৰু সাংস্কৃতিক অনুষ্ঠান। শিৱসাগৰ প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক খলিলুৰ ৰহমান হাজৰিকাই আঁত ধৰা সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানটি উদ্বোধন কৰে ড০ সব্যসাচী মহন্তই । ড০ সব্যসাচী মহন্তই ৰচনা কৰা আৰু অতনু বৰাই সুৰ কৰা ক্লাবৰ কোৰাচ গীতেৰে শুভাৰম্ভ কৰাৰ পিছতেই গড়গাঁও কলেজৰ অধ্যক্ষ তথা ক্লাবৰ সভাপতি ড০ সব্যসাচী মহন্ত, উপদেষ্টা ড০ সৌমাৰজ্যোতি মহন্ত, মণিৰুল ইছলাম বড়াই কবিতা আবৃত্তি কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে। আছুৰ কেন্দ্ৰীয় কাৰ্য্যনিবাহক সদস্য সমীৰণ ফুকন, ছাত্ৰ নেতা চিতু বৰুৱা, মৃদুল দাস, লুটফুৰ ৰহমানকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থকা অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক অতনু বৰা, ড০ উৎপল দত্ত, নজিউল্লা হাজৰিকা, মফিদুল ইছলাম, বিশিষ্ট ব্যৱসায়ী তথা সমাজকৰ্মী ৰাজভূষণ গগৈ আৰু ৱাহিদা চুলতানাই গীত পৰিৱেশন কৰাৰ লগতে কণমানি ছাত্ৰী জাহিন গৌহাৰ ইছলামে গীটাৰৰ মূৰ্ছনাত অ’ মোৰ আপোনাৰ দেশ পৰিৱেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে। একেটা অনুষ্ঠানতেই ক্লাবলৈ গৌৰৱ কঢ়িয়াই অনা জ্যেষ্ঠ সাংবাদিক তথা দূৰদৰ্শন আৰু অল ইণ্ডিয়া ৰেডিঅ’ৰ শিৱসাগৰৰ প্ৰতিনিধি মুজাহিদ আলীক ক্লাবৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে সাংবাদিক মুস্তাফিজ আহমেদৰ সন্তান কণমানি টেবুল টেনিছ খেলুৱৈ জিহান আহমেদকো উষ্ম অভিনন্দন জ্ঞাপন কৰে প্ৰেছ ক্লাবৰ তৰফৰ পৰা ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

Featured