সর্বশিক্ষাত ৩৫ হাজাৰ নতুন শিক্ষক পদ সৃষ্টি

🔹 কেবিনেটৰ গুৰুত্বপূর্ণ সিদ্ধান্ত

🔹 নলবাৰীৰ ৩৪৭ অ’বিবি শিক্ষকলৈ আত্মনির্ভৰ আঁচনিৰ অধীনত ২ লাখকৈ টকা

বিশেষ বার্তা, ২৭ জুন : আজি নলবাৰীত অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকে ৰাজ্যৰ নিবনুৱা চাকৰি প্রার্থীসকললৈ সুখবৰ কঢ়িয়াই আনিছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকে সর্বশিক্ষাত নতুনকৈ ৩৫ হাজাৰ শিক্ষক পদ সৃষ্টিত অনুমোদন জনায়৷ উল্লেখ্য যে মুখ্যমন্ত্রী ড০ শর্মা নেতৃত্বাধীন বর্তমানৰ ৰাজ্য চৰকাৰখনে যোৱা বিধানসভা নির্বাচনৰ সময়ত দিয়া প্রতিশ্রুতি ৰক্ষা কৰি ইতিমধ্যে এক লাখ নিবনুৱাক নিযুক্তি দিছে৷ সম্পূর্ণ মেধাৰ ভিত্তিত স্বচ্ছতাৰে সেই নিযুক্তি প্রক্রিয়া সম্পূর্ণ হোৱাৰ পাছত যোৱা লোকসভা নির্বাচনৰ সময়ত মুখ্যমন্ত্রী ড০ শর্মাই ৰাজ্যখনত নতুনকৈ পুনৰ ৫০ হাজাৰ নিযুক্তিৰ বিষয়ে ঘোষণা কৰে৷ আজি কেবিনেটে পুনৰ সর্বশিক্ষাত ৩৫ হাজাৰ শিক্ষক পদ সৃষ্টিৰ সিদ্ধান্তই চাকৰিপ্রত্যাশী নিবনুৱা যুৱক–যুৱতীসকলৰ মনত আশাৰ সঞ্চাৰ ঘটাইছে৷ কেবিনেট বৈঠকৰ অন্তত এখন সংবাদ মেল সম্বোধন কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে উচ্চতম ন্যায়ালয়ত চলি থকা উমা দেৱীৰ গোচৰৰ পৰিপ্রেক্ষিতত চৰকাৰে কাৰো চাকৰি নিয়মীয়া কৰিব নোৱাৰে বুলি ইতিমধ্যে ৰাজ্য চৰকাৰৰ এডভোকেট জেনেৰেলে স্পষ্ট কৰি দিছে৷ সেয়ে সর্বশিক্ষাত কাম কৰি থকা শিক্ষকসকলক আদালতৰ নির্দেশৰ বাবে নিয়মীয়া কৰিব নোৱাৰে৷ এই শিক্ষকসকলক সকাহ দিয়াৰ বাবে আজিৰ কেবিনেটে নতুনকৈ ৩৫ হাজাৰ শিক্ষক পদ সৃষ্টি কৰি সর্বশিক্ষাত কাম কৰা শিক্ষকক আবেদন কৰাৰ সুবিধা দিয়াৰ ব্যৱস্থা কৰিছে৷ বিশেষ নিয়োগৰ জৰিয়তে এই ৩৫ হাজাৰ শিক্ষকৰ নিযুক্তি প্রক্রিয়া সম্পূর্ণ কৰা হ’ব৷ অহা ৪–৫ মাহৰ ভিতৰত সর্বশিক্ষাৰ প্রতিগৰাকী শিক্ষকৰ নিযুক্তি হোৱাৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্রী ড০ শর্মাই ব্যক্ত কৰে৷ ইপিনে, আজিৰ কেবিনেটে আইনী প্রক্রিয়াৰ বাবে নলবাৰীৰ ৩৪৭গৰাকী অ’বিবি শিক্ষকৰ চাকৰি নিয়মীয়া নকৰাৰ সিদ্ধান্তৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে তেওঁলোকৰ নিযুক্তিও সম্পূর্ণ অবৈধ আছিল৷ সেয়ে সেইসকল অ’বিবি শিক্ষকক চাকৰিৰ পৰিৱর্তে চৰকাৰে মুখ্যমন্ত্রীৰ আত্মনির্ভৰ অসম আঁচনিৰ অধীনত অন্তর্ভুক্ত কৰি প্রত্যেককে দুই লাখ টকাকৈ প্রদান কৰাৰ বাবে আজিৰ কেবিনেটে সিদ্ধান্ত গ্রহণ কৰে৷ এই দুই লাখ টকাৰ এক লাখ টকা ঋণ আৰু এক লাখ টকা অনুদান হিচাপে লাভ কৰিব৷ অহা ৩০ ছেপ্টেম্বৰত এই আঁচনিৰ পুঁজি চৰকাৰে বিতৰণ কৰিব বুলিও সংবাদ মেলখনত মুখ্যমন্ত্রী ড০ শর্মাই উল্লেখ কৰে৷

Featured