ব’হাগ বিহুৰ পূর্বেই ৩৫ হাজাৰ নিযুক্তি

🔹 ৰাজ্যৰ শিক্ষিত নিবনুৱাৰ বাবে সুখবৰ মুখ্যমন্ত্রীৰ

বিশেষ বাৰ্তা, ১০ জুলাই : ৰাজ্যৰ শিক্ষিত নিবনুৱাসকলৰ বাবে সুখবৰ৷ অহা মার্চ–এপ্রিল মাহত বিশেষকৈ ব’হাগ বিহুৰ পূর্বেই সম্পন্ন হ’ব প্রায় ৩৫ হাজাৰ পদত নিযুক্তি৷ এই নিযুক্তিৰ বাবে অহা ছেপ্টেম্বৰৰ পৰাই ধাৰাবাহিকভাৱে অনুষ্ঠিত হ’ব সাক্ষাৎকাৰ৷ উল্লেখ্য যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বর্তমানৰ ৰাজ্য চৰকাৰখনে বিগত বিধানসভা নির্বাচনৰ সময়ত দিয়া প্রতিশ্রুতি আখৰে আখৰে পালন কৰি ইতিমধ্যে ১ লাখ নিবনুৱা যুৱক–যুৱতীক সম্পূর্ণ মেধাৰ ভিত্তিত অতি স্বচ্ছতাৰে নিযুক্তি দিছে৷ ১ লাখ নিযুক্তিৰ লক্ষ্য পূৰণৰ পাছত নতুন নিযুক্তিৰ বিষয়ত চৰকাৰখনে হাত সাবটি বহি থকাৰ পৰিৱর্তে এতিয়া বিভাগে বিভাগে খালী হোৱা পদসমূহ পূৰণৰ দিশত অগ্রসৰ হৈছে৷ ইয়াৰ অংশ হিচাপে মুখ্যমন্ত্রী ড০ শর্মাই তৃতীয় আৰু চতুর্থবর্গৰ কর্মচাৰী নিযুক্তি, অসম আৰক্ষীৰ উপ–পৰিদর্শক, কনিষ্টবলকে ধৰি বিভিন্ন খালী পদত নিযুক্তিৰ বাবে প্রয়োজনীয় সকলো আনুষ্ঠানিকতাক লৈ আলোচনা কৰে৷ দিছপুৰত অনুষ্ঠিত এই উচ্চস্তৰীয় বৈঠকখনত নিযুক্তি সম্পর্কীয় সকলো আনুষ্ঠানিকতা চূড়ান্ত কৰাৰ বাবে সংশ্লিষ্ট বিষয়াবর্গৰ সৈতে আলোচনা কৰাৰ লগতে নিযুক্তি পৰীক্ষা প্রক্রিয়াত স্বচ্ছতা বজাই ৰখাকে ধৰি নিযুক্তি সন্দর্ভত সকলো বিষয় পুংখানুপুংখভাৱে আলোচনা কৰে৷ বৈঠকখনতে মুখ্যমন্ত্রী ড০ শর্মাই অহা বছৰৰ আৰম্ভণিতে গোটেই নিযুক্তি প্রক্রিয়াটো শেষ কৰাটো নিশ্চিত কৰিবলৈ অহা ছেপ্টেম্বৰ মাহৰ পৰা নিযুক্তি প্রক্রিয়া আৰম্ভ কৰিবলৈ নির্দেশ দিয়ে৷ এই বৈঠকৰ পাছতে নিশাৰ ভাগত মুখ্যমন্ত্রী ড০ শর্মাই কোন কোন বিভাগৰ কিমানসংখ্যক পদত নিযুক্তি হ’ব আৰু সেই পদসমূহৰ বাবে কেতিয়াকৈ সাক্ষাৎকাৰ অনুষ্ঠিত হ’ব সেই বিষয়ে সদৰী কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৰাজ্য চৰকাৰে অসম আৰক্ষীৰ ৬,৪৩৪টা পদত নিযুক্তিৰ বাবে আবেদন গ্রহণৰ প্রক্রিয়া আৰম্ভ কৰিছিল৷ ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে আৰক্ষীৰ সেই পদসমূহ পূৰণৰ বাবে অহা ৩ অক্টোবৰৰ পৰা শাৰীৰিক পৰীক্ষা আৰম্ভ হ’ব৷ উক্ত পদৰ বাবে আবেদন কৰা প্রার্থীসকলক বানপানী শুকোৱাৰ পাছতেই শাৰীৰিক পৰীক্ষাত অৱতীর্ণ হোৱাৰ বাবে অনুশীলন আৰম্ভ কৰিবলৈ মুখ্যমন্ত্রী ড০ শর্মাই আহ্বান জনায়৷ শাৰীৰিক পৰীক্ষাৰ পাছত লিখিত পৰীক্ষা, মৌখিক পৰীক্ষা অনুষ্ঠিত কৰি চৰকাৰে চলিত বিত্তীয় বর্ষতে সেই পদসমূহ পূৰণ কৰিব৷ আনহাতে, তৃতীয় আৰু চতুর্থবর্গৰ পদ পূৰণৰ ক্ষেত্রত আছাম ডাইৰেক্ট ৰিক্রুইটমেণ্ট পৰীক্ষা এইবাৰ লোকসেৱা আয়োগৰ পৰীক্ষাৰ আর্হিত অনুষ্ঠিত হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে তৃতীয় আৰু চতুর্থবর্গৰ এই পৰীক্ষা লোকসেৱা আয়োগৰ লেখীয়াকৈ প্রাৰম্ভিক, মূল আৰু মৌখিক পৰীক্ষা অনুষ্ঠিত হ’ব৷ ৭,৫০০টা তৃতীয়বর্গৰ পদৰ প্রাৰম্ভিক পৰীক্ষা অহা ১৫, ২২ আৰু ২৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব৷ সেইদৰে ৪,৫০০টাৰো অধিক চতুর্থবর্গৰ পদৰ বাবে প্রাৰম্ভিক পৰীক্ষা অহা ২০ আৰু ২৭ অক্টোবৰত অনুষ্ঠিত হ’ব৷ প্রাৰম্ভিক পৰীক্ষা হৈ যোৱাৰ পাছত মূল পৰীক্ষা আৰু তাৰ পাছত মৌখিক পৰীক্ষা অনুষ্ঠিত কৰি সমস্ত সাক্ষাৎকাৰ সম্পূর্ণ কৰি স্বচ্ছতাৰে তৃতীয় আৰু চতুর্থবর্গৰ পদসমূহ পূৰণ কৰা হ’ব৷ সেইদৰে প্রাথমিক শিক্ষা বিভাগৰ ৫,৫৫০টা শিক্ষক পদ আৰু মাধ্যমিক শিক্ষা বিভাগৰ প্রায় ৮,০০০টা শিক্ষক পদৰ নিযুক্তি প্রক্রিয়াও অতি সোনকালে আৰম্ভ কৰা হ’ব৷ মুখ্যমন্ত্রী ড০ শর্মাৰ মতে, এনেদৰে প্রায় ৩৫ হাজাৰ নিযুক্তি অহা মার্চ–এপ্রিল মাহৰ ভিতৰত বিশেষকৈ ব’হাগ বিহুৰ আগতে সম্পূর্ণ কৰা হ’ব৷

Featured