নগৰবেৰাত বিদ্যুৎ বিভাগে দুখীয়া পৰিয়াললৈ বিদ্যুৎ বিল দিলে ৩৬,৫৯৫ টকা

🔴বিদ্যুৎ গ্ৰাহকে আবদ্ধ কৰি জবাবদিহি মিটাৰ ৰীডাৰক

নিয়মীয়া বাৰ্তা, ৩ জুনঃ পোহৰলৈ আহিছে বিদ্যুৎ বিভাগৰ গছত গৰু উঠা কাণ্ড। কেবাটাও পৰিয়ালত বিদ্যুৎ বিলৰ ব্যাপক খেলিমেলি ,দুই মাহৰ কাৰেণ্টৰ বিল ৩৬৫৯৫/-টকা পৰ্যন্ত। কামৰূপৰ বকো উপসংমণ্ডলীয় কাৰ্যালয়ৰ অন্তৰ্গত নগৰবেৰাৰ বিদ্যানগৰত সংঘটিত হৈছে এই কাণ্ড। অৱশেষত ভুক্তভোগী বিদ্যুৎ গ্ৰাহকে জৱাবদিহি কৰি আৱদ্ধ কৰিলে বিভাগীয় কৰ্মচাৰীক, নগৰবেৰাৰ বিদ্যানগৰত সোমবাৰৰ পুৱাতেই একাংশ বিদ্যুৎ গ্ৰাহকৰ ৰোষত পৰিল বিভাগীয় মিটাৰ ৰীডাৰ আৰফান আলী। অভিযোগ অনুসৰি পূৰ্বতে মাহেকত চাৰিশ/পাঁচশকৈ আহিছিল মাহেকৰ বিদ্যুতৰ বিল। শেহতীয়াকৈ এপ্ৰিল আৰু মে’ মাহৰ কাৰ্ত্তিক দাসৰ ঘৰত বিদ্যুতৰ বিল আহিল ৩৬,৫৯৫। একেদৰে নিৰঞ্জন দাস নামৰ গ্ৰাহক জনৰ দুমাহত ১১০০০ টকা, ভূপেন দাসৰ প্ৰায় ৫০০০ টকা। পিছে পূৰ্বৰ মিটাৰ ৰীডাৰ মীৰ কাশেমে একাংশ গ্ৰাহকৰ মিটাৰত মনমৰ্জি কমকৈ দেখুৱাই মাহেকৰ বিল চাৰি-পাঁচশ কৈ আদায় লোৱাৰ বাবেই বকেয়া ধন মিলি কাৰ্ত্তিক দাসৰ এপ্ৰিল আৰু মে মাহৰ বিল ৩৬৫৯৫ টকা হয়গৈ ,একেদৰে বাকী বহুতৰে লাগবান্ধ নোহোৱা বিদ্যুতৰ বিল। অৱশেষত মীৰ কাশেমৰ ঠাইত আৰফান আলী নামৰ এজন কৰ্মচাৰী বিদ্যানগৰ অঞ্চলত নিযুক্ত হয় মিটাৰ ৰীডাৰ হিচাপে আৰু দ্বায়িত্ব লৈয়েই মাহিলী ইউনিট হিচাপত ৫০০০ ঘৰ অতিক্ৰম কৰাত দুমাহৰ বিল ৩৬৫৯৫ টকা পৰ্যন্ত হোৱাত বিদ্যানগৰ পূৱপাৰাৰ একাংশ বিদ্যুৎ গ্ৰাহকৰ হাহাকাৰ লাগে। সোমবাৰৰ পুৱাতেই চুবুৰীটোত ঘটা বিদ্যুৎ বিজুতি আঁতৰাবলৈ উপস্থিত হয় বিভাগীয় মিটাৰ ৰীডাৰ আৰফান আলী। ক্ষোভিত বিদ্যুৎ গ্ৰাহক সকল একগোট হৈ জৱাবদিহি কৰে কৰ্মচাৰীগৰাকীক আৰু বিল কমাই নিদিয়া পৰ্যন্ত আৱদ্ধ কৰি ৰখাৰ কথাও সদৰী কৰে খঙৰ ভমকত। প্ৰশ্ন হয়, কাৰ ভুলৰ বাবে বিদ্যুৎ বিভাগৰ এই সামঞ্জস্যহীন বিদ্যুতৰ মাহিলী বিল? দুখীয়া পৰিয়ালকেইটাৰ এই মোটা অংকৰ বিলৰ ক্ষেত্ৰত কিবা বিবেচনা কৰিবনে সংশ্লিষ্ট বিদ্যুৎ কাৰ্যালয়ে?

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

Featured