অসম আৰক্ষীৰ চাৰি বিষয়ালৈ কেন্দ্রীয় গৃহমন্ত্রীৰ উৎকৃষ্ট তদন্তৰ পদক

নিয়মীয়া বাৰ্তা ১৩ আগষ্টঃ অসম আৰক্ষীৰ চাৰি বিষয়ালৈ আগবঢ়োৱা হৈছে উৎকৃষ্ট তদন্তৰ বাবে কেন্দ্রীয় গৃহমন্ত্রীৰ পদক৷ এই চাৰি বিষয়া হ’ল– উপ–আৰক্ষী মহাপৰিদর্শক দেৱজ্যোতি মুখার্জী, আৰক্ষী অধীক্ষক ৰ’জী কলিতা, আৰক্ষী পৰিদর্শক ৰুস্তম ৰাজ ব্রহ্ম আৰু উপ–আৰক্ষী পৰিদর্শক (ইউবি) অভিষেক বড়ো৷ উল্লেখ্য যে দেশৰ মুঠ ১২১গৰাকী আৰক্ষী বিষয়াক এইবাৰ এই পদকৰ বাবে নির্বাচিত কৰা হৈছে৷