৪০০০ কোটি টকা আত্মসাতেৰে পলায়ন মহাপ্রৱঞ্চক দীপাংকৰ বর্মনৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২২ আগষ্টঃ অনলাইন ট্রেডিঙৰ নামত প্রৱঞ্চনাৰ জাল পাতি হাজাৰ হাজাৰ কোটি টকা লুণ্ঠন কৰি আহিছে অসাধু চক্রই৷ শেহতীয়াকৈ এই চক্রটোৱে গুৱাহাটীৰ বৰা ছার্ভিচত কার্যালয় খুলি ডিবি ষ্টক ব্র’কিং কনছালটেঞ্চীয়ে ২৩ হাজাৰৰো অধিক গ্রাহকৰ পৰা কেইবাহাজাৰ কোটি টকা লুণ্ঠন চলোৱাৰ ভয়াৱহ তথ্য পোহৰলৈ আহিছে৷ ডিবি ষ্টক ব্র’কিং কনছালটেঞ্চীৰ স্বত্বাধিকাৰী দীপাংকৰ বর্মনে গ্রাহকৰ পৰা প্রায় ৭,০০০ কোটি টকা সংগ্রহ কৰি আত্মগোপন কৰাক লৈ গ্রাহকসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷ ২০১৮ চনত ডিবি ষ্টক কনছালটেঞ্চী স্থাপন কৰি অতি পৰিকল্পিতভাৱে দীপাংকৰ বর্মনে তেওঁৰ প্রতিষ্ঠানৰ জৰিয়তে ধন বিনিয়োগ কৰিলে মাহত শতকৰা ৭ শতাংশ, তিনি মাহত ২৪ শতাংশ, ছমাহত ৫৪ শতাংশ আৰু এবছৰত ১২০ শতাংশ মুনাফা দিয়াৰ টোপ দি বিভিন্নজনৰ পৰা ধন সংগ্রহ কৰিছিল৷ গ্রাহকসকলেও ডিবি কনছালটেঞ্চীৰ জৰিয়তে ধন বিনিয়োগ কৰি মুনাফা লাভ কৰি আহিছিল৷ গ্রাহকে মুনাফা লাভ কৰাত ডিবি কনছালটেঞ্চীত নিজৰ সাঁচতীয়া ধন বিনিয়োগ কৰিছিল৷ বিগত প্রায় তিনি মাহ ধৰি দীপাংকৰ বর্মনে গ্রাহকসকলক লভ্যাংশৰ ধন আদায় দিয়া নাছিল৷ গ্রাহকসকলে বৰা ছার্ভিচৰ কার্যালয়ত ধন বিচাৰি ভিৰ কৰিছিল৷ ইফালে গ্রাহকৰ ধন আদায় দিব নোৱাৰি প্রৱঞ্চক দীপাংকৰে ৰাছিয়ালৈ পলাই যোৱাৰ পৰিকল্পনা কৰিছিল৷ ইয়াৰ বাবে ভিছাৰ আবেদনো কৰিছিল৷ অৱশ্যে কোটি কোটি টকা আত্মসাৎ কৰাৰ কথা পোহৰলৈ অহাৰ পিছতে দীপাংকৰৰ ভিছা বাতিল কৰা হয়৷ কালি নিশা ডিবি কনছালটেঞ্চীত বিনিয়োগ কৰা ধন বিচাৰি দীপাংকৰৰ জালুকবাৰীৰ তেতেলীয়াৰ বাসগৃহত পিতৃক আবদ্ধ কৰাৰ লগতে প্রেয়সী মনালিছা দাসৰ বাসগৃহতো গ্রাহকসকলে ভিৰ কৰে৷ ইয়াৰ পিছতে প্রেয়সী মনালিছা দাসে আৰক্ষীৰ সহায় বিচাৰে৷ পাণবজাৰ মহিলা থানাৰ আৰক্ষীয়ে মনালিছা দাসক থানালৈ আনে৷ পাণবজাৰ মহিলা থানাত ডিবি ষ্টক কনছালটেঞ্চীত বিনিয়োগ কৰা গ্রাহকসকলে ধন বিচাৰি ভিৰ কৰে৷ এগৰাকী বিনিয়োগকাৰীয়ে জানিবলৈ দিয়া মতে, তেওঁ প্রায় ৮০ লাখ টকা বিনিয়োগ কৰিছিল৷ তেওঁৰ জৰিয়তে তেওঁৰ বন্ধুৱেও ৫০ লাখ টকা বিনিয়োগ কৰিছিল৷ অষ্ট্রেলিয়াৰ এগৰাকী গ্রাহকে ৬০ লাখ টকা বিনিয়োগ কৰিছিল৷ ৰঙিয়াৰ ছাজিদ নামৰ এজন লোকে ৭৭ কোটি টকা বিনিয়োগ কৰা বুলি জানিব পৰা গৈছে৷ ইয়াৰ উপৰি হায়দৰাবাদ, জম্মু–কাশ্মীৰ, বেংগালুৰুত কার্যালয় খুলি কেইবাশ কোটি টকা সংগ্রহ কৰিছিল ডিবি ষ্টক কনছালটেঞ্চীয়ে৷ হায়দৰাবাদৰ এগৰাকী ব্যৱসায়ীয়ে ডিবি ষ্টক কনছালটেঞ্চীত প্রায় ১৫০ কোটি টকা বিনিয়োগ কৰা বুলি জানিব পৰা গৈছে৷ ডিবি ষ্টক কনছালটেঞ্চীত কর্মৰত ১৩গৰাকী কর্মচাৰীৰ বেংক একাউণ্টতো দীপাংকৰ বর্মনে ধনৰ লেনদেন কৰা বুলি গ্রাহকসকলে অভিযোগ উত্থাপন কৰিছে৷ লগতে ডিবি ষ্টক কনছালটেঞ্চীৰ জৰিয়তে বিনিয়োগ হোৱা হাজাৰ হাজাৰ কোটি টকাৰ সকলো তথ্য মনালিছা দাসে জানে বুলিও গ্রাহকসকলে অভিযোগ কৰিছে৷ একাংশ গ্রাহকৰ অভিযোগ অনুসৰি দীপাংকৰে এজেণ্টক ১০ শতাংশ কমিছনৰ বিনিময়ত ধন সংগ্রহ কৰিবলৈ নিয়োগ কৰিছিল৷ এজেণ্টসকলে গুৱাহাটী, নলবাৰী, ৰঙিয়া, তিনিচুকীয়া, বাইহাটা চাৰিআলি আদিকে ধৰি বিভিন্ন স্থানৰ লোকৰ পৰা ধন সংগ্রহ কৰি ডিবি কনছালটেঞ্চীত বিনিয়োগ কৰিছিল৷ গ্রাহকৰ পৰা সংগ্রহ কৰা ধনেৰে দীপাংকৰে জালুকবাৰীৰ তেতেলীয়া আৰু দিছপুৰত ফ্লেট ক্রয় কৰিছিল৷ বাইহাটা চাৰিআলিতো দীপাংকৰে ২০ বিঘা ভূমি ক্রয় কৰিছিল৷ ইয়াৰ উপৰি হায়দৰাবাদত থকা বায়েক–ভিনীহিয়েকৰ সহযোগত হায়দৰাবাদ, বেংগালুৰু আৰু কাশ্মীৰত কার্যালয় খুলি ধন সংগ্রহ কৰিছিল৷ হায়দৰাবাদত ভিনীহিয়েকৰ জৰিয়তে ৰিয়েল ইষ্টেট কোম্পানীতো শ শ কোটি টকা বিনিয়োগ কৰা বুলি একাংশ গ্রাহকে অভিযোগ কৰিছে৷ বাতৰি লিখা পৰলৈকে ডিবি ষ্টক কনছালটেঞ্চীয়ে প্রৱঞ্চনাৰে হাজাৰ হাজাৰ কোটি টকা লুণ্ঠন কৰা ঘটনা সন্দর্ভত এতিয়ালৈকে কোনো গ্রাহকে এজাহাৰ দাখিল কৰা নাই৷ সেয়েহে আৰক্ষীয়ে সমগ্র ঘটনা সন্দর্ভত নিজাববীয়াকৈ তদন্ত অব্যাহত ৰাখিছে৷ ডিবি ষ্টক কনছালটেঞ্চীত বহুকেইগৰাকী ৰাজনৈতিক নেতা, আৰক্ষী বিষয়া, অধিবক্তা, ব্যৱসায়ীয়ে কোটি কোটি টকা বিনিয়োগ কৰাৰ তথ্য পোহৰলৈ আহিছে৷ আৰক্ষীয়ে প্রেয়সী মনালিছা দাস আৰু তেওঁৰ কোম্পানীত কর্মৰত কর্মচাৰীকেইগৰাকীক আটক কৰি সোধা–পোছা কৰিলেই এই কেইবাহাজাৰ কোটিটকীয়া কেলেংকাৰিৰ বহু তথ্য পোহৰলৈ আহিব৷

Featured