২৫ জুনৰ পৰা ৪৮ ঘণ্টীয়া অএনজিচি বন্ধ ঘোষণা ১৫টা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ

নিয়মীয়া বাৰ্তা, ১৯ জুনঃ তেল আৰু প্ৰাকৃতিক গেছ নিগম চমুকৈ অ এন জি চিৰ অসম বিৰোধী চক্ৰই নিগমৰ অসম সম্পদৰ কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যালয় দেশৰ আন স্থানলৈ স্থানান্তৰ কৰি অসম সম্পদক গুৰুত্বহীন কৰাৰ প্ৰতিবাদত জাঙুৰ খাই উঠিছে ১৫ টাকৈ জাতীয় আৰু জনগোষ্ঠীয় সংগঠন। এই সংগঠন সমূহে যোৱা ৬ জুনত অ এন জি চিৰ অসম সম্পদৰ নাজিৰাস্থিত মুখ্য কাৰ্যালয়ত গণ অৱস্থান ধৰ্মঘটৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰিছিল। এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতৃত্ব্ই অসম সম্পদৰ গুৰুত্বপূৰ্ণ বিভাগৰ স্থানান্তৰ বন্ধ কৰা, তৈলক্ষেত্ৰ সমূহৰ ব্যক্তিগতকৰন প্ৰক্ৰিয়া বন্ধ কৰা, অ এন জি চিত খালী হৈ থকা পদসমূহত ১০০% শতাংশ থলুৱা নিযুক্তি প্ৰদান কৰাকে ধৰি বহু কেইটা দাবী সম্বলিত এখন স্মাৰক পত্ৰ নিগমৰ কাৰ্যবাহী সঞ্চালকলৈ প্ৰেৰণ কৰি ১০ দিনৰ সময় নিৰ্ধাৰণ কৰি দিছিল। কিন্তু ১০ দিনৰ সময় অতিক্ৰম কৰাৰ পাচতো নিগম কতৃপক্ষই সংগঠনৰ দাবীৰ প্ৰতি তিলমানো গুৰুত্ব আৰোপ নকৰিলে। নিগমৰ এনে কাৰ্যৰ তীব্ৰ ক্ষোভ প্ৰকাশ কৰি আজি আটাছু, জাতীয় সংগ্ৰামী সেনা, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ, উজনি অসম মুছলিম কল্যাণ পৰিষদ, অসমীয়া যুৱ মঞ্চ, অনুসূচিত জাতি ছাত্ৰ সন্থা, আহোম সেনা, অসম ছাত্ৰ যুৱ সন্মিলন, আহোম জাতীয় গণমঞ্চ, সংগ্ৰামী সেনা, মৰিয়া ছাত্ৰ সন্থা, সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ পৰিষদ, জাগৃত নাৰী সমাজ আৰু জাতীয় সংগ্ৰামী মহিলা পৰিষদে ঐক্যবদ্ধ সিদ্ধান্ত গ্ৰহণ কৰি অহা ২৫ জুনৰ পুৱাৰ পৰা ৪৮ ঘন্টীয়া অ এন জি চি সৰ্বাত্মক বন্ধৰ ঘোষণা কৰিছে। অসম আৰু অসমীয়াৰ বৃহতৰ স্বাৰ্থত অহা ২৫ জুনৰ অ এন জি চি বন্ধত সকলো অসমপ্ৰেমী ৰাইজৰ সহযোগিতা দ’ল সংগঠন সমূহৰ নেতৃত্ব্ই কামনা কৰা বুলি বিবৃতি যোগে উল্লেখ কৰিছে।

প্ৰেৰক আশ্ৰফুৰ ৰহমান

Featured