জলপাইগুৰিত দুৰ্ঘটনাত পতিত কাঞ্চনজংঘা এক্সপ্ৰেছ, নিহত ৫

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৭ জুনঃ আজি পুৱাই পশ্চিমবংগত সংঘটিত হয় এক বৃহৎ ৰেল দুৰ্ঘটনা। জলপাইগুৰিত যাত্ৰীভৰ্তি কাঞ্চনজংঘা এক্সপ্ৰেছত এখন মালবাহী ট্ৰেইনৰ সংঘৰ্ষ হয়। এই সংঘৰ্ষ ইমানেই ভয়াৱহ আছিল যে কাঞ্চনজংগা এক্সপ্ৰেছৰ বহু দবা ৰেলপথৰ পৰা ওফৰি যায়। জানিব পৰা মতে, পুৱা ৯.৩০ বজাত এই দুৰ্ঘটনা সংঘটিত হয়। ১৩১৭৪ নম্বৰৰ ৰেল কাঞ্চনজংঘা এক্সপ্ৰেছৰ সৈতে এখন মালবাহী ট্ৰেইনৰ সংঘৰ্ষ হয়। ইয়াৰ পিছতে কাঞ্চনজংঘা এক্সপ্ৰেছৰ দুটা দবা ৰেলপথৰ পৰা ওলাই যায়। আৰক্ষীৰ তথ্য অনুসৰি এই দুৰ্ঘটনাত ৫জন লোকৰ মৃত্যু হৈছে। বহু লোক আহত হোৱাৰ খবৰ আহিছে। দুৰ্ঘটনাৰ পিছত উদ্ধাৰকাৰী দল আৰু স্থানীয় ৰাইজে সেই স্থানত উপস্থিত হৈ যাত্ৰীসকলক উদ্ধাৰ কৰিবলৈ আৰম্ভ কৰিছে। জানিব পৰা মতে, মালবাহী ট্ৰেইনখনে ছিগনেল ভাঙি কাঞ্চনজংঘা এক্সপ্ৰেছত খুন্দা মাৰে। দুৰ্ঘটনাটোত আগৰতলা-কলকাতা ৰেলপথ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে।

ইফালে ৰেল বিভাগে বিভিন্ন ঠাইৰ পৰা হেল্পলাইন নম্বৰ মুকলি কৰিছে

গুৱাহাটী ৰে’লৱেৰ হেল্পলাইন নম্বৰ
০৩৬১২৭৩১৬২১
০৩৬১২৭৩১৬২২
০৩৬১২৭৩১৬২৩

শিয়ালদহৰ হেল্পলাইন নম্বৰ
০৩৩-২৩৫০৮৭৯৪
০৩৩-২৩৮৩৩৩২৬

এল এম জিৰ হেল্পলাইন নম্বৰ
০৩৬৭৪২৬৩৯৫৮
০৩৬৭৪২৬৩৮৩১
০৩৬৭৪২৬৩১২০
০৩৬৭৪২৬৩১২৬
০৩৬৭৪২৬৩৮৫৮

কাটিহাৰৰ হেল্পলাইন নম্বৰ
৯০০২০৪১৯৫২
৯৭৭১৪৪১৯৫৬

নিউ জলপাইগুৰিৰ জৰুৰীকালীন নম্বৰ
+৯১৬২৮৭৮০১৭৫৮

Featured