কলগাছিয়াত জটিল ৰোগত আক্ৰান্ত ৫ মহীয়া কন্যা শিশু

🔹 সাহায্য বিচাৰি অসহায় পিতৃ-মাতৃৰ কাতৰ আহ্বান
নিয়মীয়া বাৰ্তা, ২৩ মে’ : কলগাছিয়াৰ খাৰবাল্লী গাঁৱৰ জিয়াৰুল ইছলামৰ এটি ৫ মহীয়া কন্যা শিশু জটিল ৰোগত আক্ৰান্ত হোৱাত পৰিয়ালটোলৈ ঘোৰ অমানিশা নামি আহিছে ৷ জানিব পৰা মতে, জন্মৰ সময়ত শিশুটিৰ শাৰীৰিক অৱস্থা স্বাভাৱিক আছিল যদিও দুমাহ বয়সৰ পৰা লাহে লাহে মূৰটো ফুলি উঠে ৷ দৰিদ্ৰ পৰিয়ালটোৱে খুজি-মাগি ২ লাখ ৫০ হাজাৰ টকা খৰচ কৰি  পেটৰ এটা অস্ত্ৰোপচাৰ কৰে ৷ অৱশ্যে আন এটা অস্ত্ৰোপচাৰৰ বাবে আৰু চাৰি লাখ টকাৰ প্ৰয়োজন হ’ব বুলি চিকিৎসকে জানিবলৈ দিয়ে ৷ ফলত পৰিয়ালটো দিশহাৰা হৈ পৰিছে ৷ এইক্ষেত্ৰত শিশুটিৰ জীৱন ৰক্ষাৰ বাবে পিতৃ-মাতৃ দুয়ো হাটে-বজাৰে গৈ ৰাইজৰ পৰা দান-বৰঙণি সংগ্ৰহ কৰাৰ লগতে অসমৰ মুখ্যমন্ত্ৰীক সহায় বিচাৰি কৰযোৰে অনুৰোধ জনাইছে ৷ উল্লেখ্য যে যদি কোনো ব্যক্তিয়ে  পৰিয়ালটোক সহায় কৰিব বিচাৰে, তেন্তে 9101954505 নম্বৰৰ PhonePeৰ জৰিয়তে সহায় কৰিব পাৰিব বুলি পৰিয়ালে জানিবলৈ দিয়ে ৷
প্ৰেৰক মফিদুল ইছলাম
Featured