ৰূপহীহাটত ৫টা পহু উদ্ধাৰ : মুকলি কৰিলে লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যত

নিয়মীয়া বাৰ্তা, ৩ জুলাই : বছৰৰ প্ৰথমটো বানৰ কবলত পৰিছে লাওখোৱা-বুঢ়াচাপৰি অভয়াৰণ্য ৷ অভয়াৰণ্য দুখন বানৰ কবলত পৰাত বনৰীয়া জীৱ-জন্তুৱে বনাঞ্চল এৰি জনাঞ্চললৈ ঢাপলি মেলিছে ৷ ৰূপহীহাটৰ লাওখোৱা বন বিভাগে উদ্ধাৰ কৰিলে ৫টাকৈ পহু ৷ বানৰ কবলত পৰি বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা পহুকেইটা উদ্ধাৰ কৰে বন বিভাগে ৷ বিগত দুদিনত জনাঞ্চলৰ পৰা পাঁচটাকৈ পহু উদ্ধাৰ কৰি লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যত মুকলি কৰি দিয়ে৷ ভূৰবন্ধা, বেলুগুৰি, বৰঘুলী আদি অঞ্চলৰ পৰা লাওখোৱা বন বিভাগে উদ্ধাৰ কৰে পহুকেইটা৷ দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজক সজাগ হৈ থকাৰ লগতে বন্য জীৱ-জন্তু জনাঞ্চললৈ ওলাই গ’লে তৎক্ষণাত বন বিভাগক খবৰ দিবলৈ আহ্বান জনায় বন বিভাগে ৷

প্ৰেৰক জহিৰুল ইছলাম

Featured