লখিমপুৰত এদিনহে ব্যৱহাৰ হ’ল ৫০ লাখটকীয়া যন্ত্র

🔹 এবছৰে বিকল হৈ পৰি ৰ’ল বৈদ্যুতিক শ দাহন যন্ত্ৰ 
বিশেষ বাৰ্তা, ১৭ ছেপ্টেম্বৰ : লখিমপুৰ পৌৰসভাৰ অন্তৰ্গত খেলমাটিৰ শিৱমন্দিৰৰ নীলকণ্ঠেশ্বৰ উদ্যানৰ কাষৰ শ্মশানত এবছৰৰ ভিতৰত এদিন চলাৰ পাছত অচল হৈ পৰি ৰৈছে ৫০ লাখটকীয়া বৈদ্যুতিক শৱ দাহন যন্ত্র৷ শ্মশানখনত শ দাহ কৰাৰ উদ্দেশ্যে স্থাপন কৰা এটা ৫০ লাখটকীয়া বৈদ্যুতিক যন্ত্ৰ কেৱল এদিন ব্যৱহাৰৰ পিছতে বিকল হৈ পৰাৰ পিছত সেই স্থানত এতিয়া পুনৰ নতুনকৈ চৰকাৰী আঁচনিৰে আকৌ শ দাহন আঁচনি নিৰ্মাণৰ পৰিকল্পনা কৰাত ৰাইজ আচৰিত হৈছে৷ প্ৰাপ্ত তথ্য অনুসৰি উত্তৰ লখিমপুৰ নগৰৰ ১৪ নং ৱাৰ্ডৰ খেলমাটিত তথা শিৱমন্দিৰ নীলকণ্ঠেশ্বৰ উদ্যানৰ কাষৰ শ্মশানত ০৫-০২-২০২২ বৰ্ষত উত্তৰ লখিমপুৰ পৌৰসভাই পঞ্চদশ বিত্তীয় আয়োগৰ ৪৯ লাখ ৯৯ হাজাৰৰ অধিক টকা ব্যয়সাপেক্ষে প্ৰবিজন অৱ উদ ৱেষ্ট ক্ৰেমিচন গ্ৰাউণ্ড নিয়েৰ শিৱমন্দিৰ নামৰ এখন আঁচনি নিৰ্মাণ কৰে৷  উক্ত আঁচনি শুভ উদ্বোধন কৰিছিল লখিমপুৰৰ বিধায়ক মানৱ ডেকাই৷ তাৎপৰ্যপূৰ্ণ কথা যে উক্ত শ দাহন যন্ত্ৰটো কেৱল এদিন ব্যৱহাৰ কৰাৰ পিছতে বিকল হৈ পৰে৷ ফলত দীৰ্ঘদিন ধৰি উক্ত যন্ত্ৰটো শ্মশানতে পৰি থকাৰ পিছত শেহতীয়াকৈ উত্তৰ লখিমপুৰ পৌৰসভাই পুনৰ সেই স্থানত মেনুৱেলী শ দাহনৰ ব্যৱস্থা কৰাৰ পৰিকল্পনা কৰিছে৷ এই লৈ ৰাইজৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। ৫০ লাখটকীয়া যন্ত্রটো ভাল নকৰি পুনৰ কেইবালাখ টকাৰে নতুন আঁচনি গ্ৰহণ কৰাৰ বাবে ৫০ লাখ টকা অপচয় হোৱাটো নিশ্চিত হৈ পৰিছে। এই সন্দৰ্ভত শিৱমন্দিৰ নীলকণ্ঠেশ্বৰ উদ্যান আৰু শ্মশান পৰিচালনা সমিতিয়ে কোনো গুৰুত্ব আৰোপ নকৰাৰো অভিযোগ উঠিছে। শ্মশান পৰিচালনা সমিতিয়ে ২০১৯ বৰ্ষৰ পৰা মন্দিৰৰ লগতে শ্মশানৰ উন্নয়নৰ বাবে বহু দাবী উত্থাপন কৰি আহিছে যদিও সেই দাবীক পৌৰসভাই অগ্ৰাহ্য কৰি অহাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। যাৰ বাবে পৌৰসভাখনৰ কাম-কাজক লৈ ৰাইজে অসন্তুষ্টি প্ৰকাশ কৰিছে।
প্ৰেৰক জীৱন গোস্বামী
Featured