৫০ বছৰীয়া মুগা সঁচ উন্নয়ন প্ৰকল্পৰ শ্মশান যাত্ৰা

🔹 অস্তিত্বৰ সংকটত ঢকুৱাখনাৰ ভোমা-কলাবাৰী মুগা সঁচ উন্নয়ন প্ৰকল্প কেন্দ্ৰ

নিয়মীয়া বাৰ্তা, ৩০ এপ্ৰিল : সোণালী সূতাৰ দেশ হিচাপে পৰিচিত অসমত এতিয়া ৰেচম শিল্পৰ প্রতি কোনো গুৰুত্ব নাই ৰজাঘৰীয়াৰ। ৰাজ্যৰ ৰেচম বিভাগৰ একাংশ বিষয়া-কৰ্মচৰীৰ চৰম অৱহেলা আৰু গুৰুত্বহীনতাৰ বাবেই এতিয়া ধ্বংসৰ মুখলৈ গতি কৰিছে ৰেচম শিল্পৰ প্ৰচুৰ সম্ভাৱনাময় ক্ষেত্ৰ ঢকুৱাখনাৰ ভোমাস্থিত ভোমা-কলাবাৰী মুগা সঁচ উন্নয়ন প্ৰকল্প কেন্দ্ৰ। এক কথাত ক’বলৈ গ’লে, চৰকাৰৰ চকুৰ সন্মুখতে প্ৰচুৰ সম্ভাৱনা থকা কেন্দ্ৰটোৰ ঘৰৰ ভেটিত এতিয়া তিতালাউ গজাৰ উপক্ৰম ঘটিছে। যি সময়ত অসমৰ এৰী-মুগা শিল্পই বিদেশত বজাৰ দখলৰ দিশে আগবাঢ়িছে, সেই সময়তে ভোমা-কলাবাৰী মুগা সঁচ উন্নয়ন প্ৰকল্পৰ শ্মশান যাত্রাই উদ্বিগ্ন কৰি তুলিছে সচেতন মহলক। প্ৰায় ১১৬ বিঘাৰো অধিক ভূমিত ১৯৭৪  চনতে স্থাপন কৰা পামখন এতিয়া গৰুৰ চৰণীয়া পথাৰত পৰিণত হোৱা দেখা গৈছে। ৫০ বছৰীয়া পুৰণি মুগাপামখন ৰেচম বিভাগৰ কাণ্ডজ্ঞানহীনতা আৰু গুৰুত্বহীনতাৰ বাবে কিছু দুষ্কৃতিকাৰীয়ে অবৈধভাৱে পামখনৰ ভূমিত পকী ঘৰ-দুৱাৰ সাজি বসবাস কৰি অহাৰ পাছতো আজিলৈকে বিভাগীয়ভাৱে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে । তদুপৰি কেৱল চৰকাৰী বেতন ল’বলৈ খাপ পিটি থকা এচাম বিষয়া-কৰ্মচাৰীৰ অকৰ্মণ্যতা আৰু অদক্ষ পৰিচালনাৰ বাবে বৃহৎ এলেকাৰ মুগা চোমনিখন হাবি-জংঘল, অপতৃণৰে ভৰি পৰিছে । তাৎপৰ্যপূৰ্ণ যে  এটা সময়ত মুগাৰ খাদ্য শ শ চোম গছেৰে নদন-বদন হৈ থকা এই পামখনতে মুগা পালন কৰি অৰ্থ উপাৰ্জনৰ লগতে মুগা উৎপাদনেৰে গৌৰৱৰ অংশীদাৰ হৈছিল। পৰৱৰ্তী কালত বিভাগীয় বিষয়াৰ উদাসীনতা আৰু অৱহেলাত এৰাবাৰীত পৰিণত হোৱা ভোমা-কলাবাৰী প্ৰকল্পটোত পুনৰ বিভাগীয় কৰ্তৃপক্ষৰ অৱহেলাৰ বাবে কেইবাশ গছ মৰি যোৱাত বৃহত্তৰ অঞ্চলটোৰ ৰাইজে মুগা পালন কৰিবলৈ এৰি দিয়ে। সম্প্ৰতি অস্তিত্বৰ সংকটত ভুগি থকা  পামখনৰ পৰিদৰ্শন কালত চৰকাৰী বন্ধ নাথাকোঁতেও কাৰ্যালয়টোত কোনো চৰকাৰী কৰ্মচাৰী উপস্থিত নথকাটো পৰিলক্ষিত হয়। চৰকাৰ আৰু বিভাগীয় অৱহেলাত পামখনত নিগাজিকৈ থকাৰ বাবে নাই কোনো সু-ব্যৱস্থা । যাৰ পৰিণতিত পামখন চোৱা-চিতা কৰিবলৈ কোনো নাথাকে । দুৰ্ভাগ্যৰ বিষয় যে পামখনত যি এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিয়োগ কৰি ৰাখিছে, তেওঁ থাকিবৰ বাবে নাবাৰ্ডৰ সহযোগত প্ৰকল্প চৌহদত নিৰ্মাণ কৰা গৃহটোত আজি পৰ্যন্ত নাই সু-ব্যৱস্থা। স্থানীয় ৰাইজৰ অভিযোগ মতে, পামখনত নিয়োজিত কৰ্মচাৰীকেইজনে নিয়মমাফিক পামখনলৈ গৈ দৰমহা লোৱাৰ বাহিৰে আন কোনো ব্যৱস্থা আজিলৈকে নল’লে। চৰকাৰী ভূমি দখল কৰি একাংশ দুষ্কৃতিকাৰীয়ে পামখনক সোণৰ কণী পৰা হাঁহলৈ পৰ্যবসিত কৰাৰ পাছতো বিভাগীয় কৰ্তৃপক্ষৰ মৌনতাই স্বাভাবিকতেই সচেতন অঞ্চলবাসীক উদ্বিগ্ন কৰি তুলিছে। অস্তিত্বৰ সংকটত ভোগা চৰকাৰী মুগা পামখন বেদখলমুক্ত কৰি কৰ্মক্ষম কৰি তুলিবলৈ স্থানীয় ৰাইজে চৰকাৰ আৰু প্ৰশাসনক দাবী জনাইছে। অন্যথা পামখনৰ সমূদায় ভূমি একাংশ দুষ্কৃতিকাৰীৰ পৈতৃক সম্পত্তিলৈ পৰ্যবসিত হ’বলৈ বেছিদিন নালাগিব।

প্ৰেৰক পুলকজ্যোতি বৰা

Featured