পশ্চিম ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৫৪সংখ্যক বাৰ্ষিক অধিৱেশন

নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰ : লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ অগ্ৰণী শিক্ষানুষ্ঠানসমূহৰ অন্যতম পশ্চিম ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ ৫৪সংখ্যক বাৰ্ষিক অধিৱেশন আৰু অভিভাৱক সমাৰোহখনি ২০ নৱেম্বৰৰ পৰা ৪ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বিদ্যালয়ৰ  প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায় ৷ পশ্চিম ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ একতা সভা আৰু শিক্ষক গোটৰ উদ্যোগত অনুষ্ঠিত বাৰ্ষিক অধিৱেশনৰ কাৰ্যসূচী মতে প্ৰথম দিনা পুৱা সহ: শিক্ষক মিলন চেতিয়া আৰু সিদ্ধাৰ্থ শংকৰ ৰয়ৰ পৰিচালনাত বিদ্যালয়ৰ পৰিৱেশ নিকাকৰণ আৰু ছাত্ৰ একতা সভাৰ সভাপতি দুলু শইকীয়াই পতাকা উত্তোলন কৰাৰ পিছতে ক্ৰীড়া প্ৰতিযোগিতাসমূহ উদ্বোধন কৰে সহ: শিক্ষক বগেন দাসে ৷ বিদ্যালয়ৰ সহ: শিক্ষয়িত্ৰী সংগীতা চেত্ৰীয়ে প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰাৰ পিছতেই সহ: শিক্ষক লীলা গগৈৰ সঞ্চালনাত অনুষ্ঠিত সাহিত্য প্ৰতিযোগিতা উদ্বোধন কৰে সহ: শিক্ষক বুবু দাসে ৷ দ্বিতীয় দিনা পুৱা সামূহিক চাফাইৰে কাৰ্যসূচী আৰম্ভ কৰি পশ্চিম ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহ: শিক্ষক প্ৰদীপ চুতীয়াৰ সঞ্চালনাত সহ: শিক্ষক মীনকান্ত বৰাই উদ্বোধন কৰা সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত কৰি কাৰ্যসূচীৰ সামৰণি মাৰে ৷ তৃতীয় দিনা পুৱা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ বাৰেৰহণীয়া কৃষ্টি-সংস্কৃতি প্ৰদৰ্শনেৰে উলিওৱা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে উপাধ্যক্ষা স্বৰ্ণ চেতিয়াই ৷ দুপৰীয়া সহ: শিক্ষক প্ৰদীপ কুমাৰ দত্তৰ সঞ্চালনাত সহ: শিক্ষয়িত্ৰী প্ৰতিভাজ্যোতি বৰবৰাই উদ্বোধন কৰা একাংকিকা নাট প্ৰতিযোগিতা অনুষ্ঠিত কৰি তৃতীয় দিনৰ কাৰ্যসূচীৰ সামৰণি মাৰে ৷ অন্তিম দিনা পুৱা পৰিৱেশ নিকাকৰণৰ অন্তত বিদ্যালয়ৰ ড° তিলোত্তমা ভৰালীৰ স্থায়ী  প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় মুকলি সভা আৰু অভিভাৱক সমাৰোহ ৷ বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ প্ৰাক্তন সভাপতি তোলন ৰাজভৰে বন্তি প্ৰজ্বলন আৰু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে সমৱেত সংগীতেৰে মঞ্চ মুকলি কৰাৰ পিছতে পশ্চিম ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভানেত্ৰী তথা অধ্যক্ষা দুলু শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা আৰু অভিভাৱক সমাৰোহ উদ্বোধন কৰে এন চি ডি কলেজ গোগামুখৰ অধ্যক্ষ সুৰজিৎ দলেই ৷ সভাত দাংধৰা কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ দিব্য খনিকৰ নিদিষ্ট বক্তা হিচাপে উপস্থিত থকাৰ উপৰি পশ্চিম ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বহুকেইগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থকাৰ লগতে অৰ্ধশতাধিক অভিভাৱক/ অভিভাৱিকাৰ লগতে ছাত্ৰ-ছাত্ৰী, বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতি, মাতৃগোটৰ বিষয়ববীয়া আৰু সদস্যাসকলেও  উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে ৷ বিয়লি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰি বিদ্যালয়ৰ পতাকা অৱনমন কৰি চাৰিওটা দিনৰ কাৰ্যসূচীৰ সফল সামৰণি মাৰে ৷

 

প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি

Featured