অযোধ্যাত শংকৰদেৱৰ ৫৭৬সংখ্যক জয়ন্তী উপলক্ষে ‘সূত্ৰধাৰ’ অনুষ্ঠান

🔹 ১৫০গৰাকী মহিলাৰ নাম-প্ৰসংগৰে মুখৰিত ৰামনগৰী

বিশেষ বাৰ্তা, ২২ ছেপ্টেম্বৰ : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬সংখ্যক জন্মজয়ন্তী উপলক্ষে অযোধ্যাত অনুষ্ঠিত হৈ আছে ‘সূত্ৰধাৰ’ শীৰ্ষক এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠান। মহাপুৰুষজনাৰ অনন্য সৃষ্টিৰাজিক ৰাষ্ট্ৰীয় পৰ্যায়লৈ আগবঢ়াই নিয়াৰ পৰিকল্পনাৰে অযোধ্যাত শুকুৰবাৰৰ পৰা আৰম্ভ হয় তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী। প্ৰথম দিনাৰ দিনজোৰা কাৰ্যসূচীৰ সফল সামৰণিৰ পিছত কালি পুৱাৰ পৰা মহিলাসকলৰ নাম-প্ৰসংগৰে আৰম্ভ হয় দ্বিতীয় দিনাৰ কাৰ্যসূচী। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰচলিত কৰি যোৱা কৃষ্ণ বন্দনা নাম-প্ৰসংগৰ জৰিয়তে উপস্থাপন কৰাৰ উপৰি ১৫০গৰাকী মহিলাই দ্বিতীয় দিনৰ অন্যতম কাৰ্যসূচী হিচাপে পৰিৱেশন কৰে থিয়নাম। ১৫০গৰাকী মহিলাই পৰিৱেশন কৰা এই নাম আৰু খোল-তাল-বাঁহীৰ সুললিত সুৰেৰে মুখৰিত হৈ পৰে ৰামনগৰী। দেশৰ কেইবাগৰাকী পণ্ডিতপ্ৰৱৰ ব্যক্তিৰ সন্মুখত পৰিৱেশন কৰা এই ব্যতিক্ৰমী থিয়নাম প্ৰত্যক্ষ কৰি ভূয়সী প্ৰশংসা লাভ কৰে। “সূত্ৰধাৰ” অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা ৰাষ্ট্ৰীয় শৈক্ষিক সন্মিলন উপলক্ষে কালি অনুষ্ঠিত হয় পাঁচখন শৈক্ষিক সত্ৰ। এই সত্ৰত দেশৰ কেইবাখনো আগশাৰীৰ বিশ্ববিদ্যালয় তথা উচ্চ শিক্ষানুষ্ঠানৰ বহুকেইগৰাকী বিদগ্ধ পণ্ডিতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কৃষ্টি-সংস্কৃতি, সাহিত্যৰাজি আৰু সমাজ সংস্কাৰ ব্যৱস্থাত আগবঢ়োৱা অৱদানৰ ওপৰত আলোকপাত কৰি তত্ত্বগধুৰ ভাষণ প্ৰদান কৰে। কেইবাগৰাকী গৱেষক ছাত্ৰ-ছাত্ৰীয়ে মহাপুৰুষজনাৰ সৃষ্টিৰ ওপৰত প্ৰস্তুত কৰা গৱেষণা পত্ৰ পাঠ কৰে এই শৈক্ষিক সত্ৰত। সন্ধিয়া প্ৰদৰ্শন কৰা হয় শংকৰদেৱ বিৰচিত “ৰুক্মিণী হৰণ” অংকীয়া ভাওনা।

Featured