বিশিষ্ট শিক্ষাবিদ-প্ৰাক্তন বিধায়ক কামেশ্বৰ দাসৰ ৫৮সংখ্যক মৃত্যু দিৱস পালন

🔹 ডিচেম্বৰৰ ভিতৰত অসম লোকসেৱা আয়োগৰ কাৰ্যালয়ত স্থাপন হ’ব কামেশ্বৰ দাসৰ প্ৰতিমূৰ্তি

নিয়মীয়া বাৰ্তা, ১ ছেপ্টেম্বৰ : “বৰপেটা বিধানসভা সমষ্টিৰ দুবাৰৰ প্ৰাক্তন বিধায়ক, গণিতজ্ঞ, কলিকতা বিশ্ববিদ্যালয়ৰ পৰা গণিতশাস্ত্ৰত সোণৰ পদকসহ প্ৰথম শ্ৰেণীৰ প্ৰথম স্থানপ্ৰাপ্ত প্ৰথম অসমীয়া স্নাতকোত্তৰ তথা স্বৰাজোত্তৰ কালৰ অসম লোকসেৱা আয়োগ (APSC)ৰ প্ৰথমগৰাকী অসমীয়া অধ্যক্ষ প্ৰয়াত কামেশ্বৰ দাস প্ৰকৃতাৰ্থত আছিল উজ্জ্বল ৰত্ন৷ প্ৰয়াত দাস কেৱল এগৰাকী ব্যক্তিয়েই নাছিল, তেওঁ আছিল এক অনুষ্ঠানসদৃশ সুবিশাল ব্যক্তিত্বৰ অধিকাৰী৷ এনেকুৱা এগৰাকী বিৰল ব্যক্তিত্বৰ অধিকাৰী মহীৰূহৰ বিষয়ে যিমান প্ৰচাৰ বা প্ৰসাৰ হ’ব লাগিছিল, সেয়া অদ্যাপি হৈ উঠা নাই৷ প্ৰয়াত দাসৰ ব্যক্তিত্ব কেৱল বজালীতে সীমাবদ্ধ নহৈ সমগ্ৰ অসমত বা অসমৰ বাহিৰতো হ’ব লাগে৷ এনে এক প্ৰেক্ষাপটতে ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে এনেকুৱা এগৰাকী মনীষীৰ গুণ-গৰিমা আজিৰ প্ৰজন্মৰ মাজত জীৱন্ত কৰি ৰখাৰ বিশেষ চিন্তাচৰ্চা কৰি আছে৷ যাৰ ফলস্বৰূপে এই বৰ্ষৰ ডিচেম্বৰৰ ভিতৰতে গুৱাহাটীস্থিত অসম লোকসেৱা আয়োগৰ কাৰ্যালয় চৌহদত প্ৰয়াত কামেশ্বৰ দাসৰ এক প্ৰতিমূৰ্তি স্থাপন কৰা হ’ব৷”- এই মন্তব্য পাটাছাৰকুছি সমষ্টিৰ বিধায়ক তথা মন্ত্রী ৰঞ্জিত কুমাৰ দাসৰ৷ উল্লেখ্য যে অসমৰ বৌদ্ধিক জগতৰ এগৰাকী চিৰনমস্য ব্যক্তি, বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয় আৰু পাঠশালাৰ বজালী মহাবিদ্যালয় স্থাপন কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰাৰ লগতে দুয়োখন মহাবিদ্যালয়ৰ অধ্যক্ষ পদ অলংকৃত কৰা বজালী তথা অসমৰ সুযোগ্য সন্তান বিশিষ্ট শিক্ষাবিদ, আইনজ্ঞ, অসম বিধানসভাত দুবাৰকৈ প্ৰতিনিধিত্ব কৰা প্ৰবীণ ৰাজনীতিবিদ, মুক্তিযুঁজাৰু, অসম লোকসেৱা আয়োগৰ প্ৰথমগৰাকী অসমীয়া অধ্যক্ষ কামশ্বৰ দাসৰ ৫৮ সংখ্যক মৃত্যু দিৱস আজি দিনজোৰা কাৰ্যসূচীৰে বজালী জিলাৰ বামাখাটাৰ কেন্দুগুৰিত পালন কৰা হয়৷ কামেশ্বৰ দাস স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত কেন্দুগুৰিৰ বামাখাটা ১নং তৰুণ সংঘ চৌহদত অনুষ্ঠিত অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি পুৱা বন্তি প্ৰজ্বলন কৰে মহেন্দ্ৰ নাৰায়ণ চৌধুৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ মুৰাৰী মোহন দত্তই, স্মৃতি তর্পণ কাৰ্যসূচী মুকলি কৰে কামেশ্বৰ দাস স্মৃতিৰক্ষা সমিতিৰ উপ-সভাপতি ধীৰেন্দ্র তালুকদাৰে, ভাগৱত পাঠ কৰে ৰমণী তালুকদাৰে৷ দুপৰীয়া স্মৃতিৰক্ষা সমিতিৰ সভাপতি মাণিক চন্দ্ৰ তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত স্মৃতিচাৰণ সভাখন উদ্বোধন কৰে বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদালয়ৰ অধ্যক্ষ ড৹ প্রকাশ শর্মাই৷ সভাত নির্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি স্থানীয় বিধায়ক তথা মন্ত্রী ৰঞ্জিত কুমাৰ দাসে উক্ত মন্তব্য কৰাৰ লগতে বজালীত শিক্ষাৰ সম্প্ৰসাৰণ কৰাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা বিশিষ্ট শিক্ষাবিদ তথা বহু গুণৰ আকৰ কামেশ্বৰ দাসৰ জীৱন দৰ্শন আৰু কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰি তেওঁৰ গুণানুকীৰ্তন কৰাৰ লগতে আজিৰ প্ৰজন্মক তেওঁৰ আদৰ্শক আঁকোৱালি ল’বলৈ আহ্বান জনায়৷ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰে বিশিষ্ট শিক্ষাবিদ, সমাজসেৱক, বৰ্ণিল ব্যক্তিত্বৰ অধিকাৰী, প্ৰাক্তন বিধায়ক প্ৰয়াত কামেশ্বৰ দাসৰ জীৱন দৰ্শন আমাৰ সকলোৰে বাবে প্ৰেৰণাৰ উৎস হৈ ৰওক বুলি আশা ব্যক্ত কৰে৷ প্ৰয়াত কামেশ্বৰ দাসৰ নাতি ল’ৰা সত্য দাসেও সভাত ভাষণ প্ৰদান কৰি ককাকৰ সান্নিধ্যৰ কথা ব্যক্ত কৰি তেওঁৰ স্মৃতিচাৰণ কৰে৷ অঞ্চলটোৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অনুষ্ঠানটোত অংশগ্ৰহণ কৰি বজালী ৰত্নক স্মৰণ কৰে৷ আনহাতে, সন্ধিয়া স্মৃতিৰক্ষা সমিতিৰ জ্যেষ্ঠ সদস্য ডিম্বেশ্বৰ তালুকদাৰৰ লগতে কামেশ্বৰ দাসৰ পৰিয়ালবর্গ আৰু স্মৃতিৰক্ষা সমিতিৰ আন সদস্যসকলে বন্তি প্রজ্বলনেৰে প্ৰয়াত শিক্ষাবিদগৰাকীৰ ৫৮ সংখ্যক মৃত্যু দিৱস পালনৰ সামৰণি মাৰে৷

প্ৰেৰক কল্যাণ কলিতা

Featured