তিতাবৰত স্থাপন হ’ব এটা চিনেমা হল : সীমান্ত শেখৰ

নিয়মীয়া বাৰ্তা, ১৯ ছেপ্টেম্বৰ : তিতাবৰত লাইভ ভিডিঅ’ৰ জৰিয়তে অৰুণোদয় ৩.০ আঁচনি শুভাৰম্ভ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। তিতাবৰৰ দেৱকুমাৰ বৰা সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত বৰ্ণাঢ্য অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসম চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ণ নিগমৰ অধ্যক্ষ সীমান্ত শেখৰ উপস্থিত থাকি অৰুণোদয় আঁচনি আৰু মুখ্যমন্ত্ৰীৰ বলিষ্ঠ পদক্ষেপৰ কথা কেইবা সহস্ৰাধিক ৰাইজৰ আগত অৱগত কৰে। যোৰহাট জিলা আয়ুক্ত পুলক মহন্তই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত অতিথি হিচাপে তিতাবৰৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱা, বিজেপিৰ যোৰহাট জিলাৰ সভাপতি হেমন্ত কলিতা, ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰতাপ কছাৰী, অধ্যক্ষ কুমুদ চন্দ্ৰ কছাৰী আদিয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ আঁত ধৰে সমাজকৰ্মী প্ৰাণজিত বৰকাকতিয়ে।‌ তিতাবৰৰ বিভিন্ন প্ৰান্তৰ তিনি সহস্ৰাধিক লোক উপস্থিত থকা অনুষ্ঠানৰ পিছতে অসম চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ণ নিগমৰ অধ্যক্ষ সীমান্ত শ্বেখৰে সংবাদ মাধ্যমৰ আগত কয় যে অসমত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এক যুগান্তকাৰী আঁচনি নিজৰ সৃষ্টিৰে উলিয়াই আনিছে। এই আচঁনিয়ে আজি অকল অসমকে নহয়, গোটেই ভাৰতবৰ্ষকে চুই গৈছে। প্ৰতিখন ৰাজ্যই আজি আমাক অনুকৰণ কৰিছে। আমি গৌৰৱান্বিত যে অসমত ৰূপায়িত অৰুণোদয় আঁচনিয়ে অসমৰ প্ৰতিগৰাকী মহিলা, প্ৰতিখন ঘৰকে চুই গৈছে। সেয়া নিত্যান্তই এক সুখৰ মুহুৰ্ত। তিতাবৰত এটা চিনেমা হলৰ প্ৰয়োজনীয়তাৰ কথা সাংবাদিকে কৰা প্ৰশ্নত অধ্যক্ষগৰাকীয়ে ক‌য় যে তিতাবৰত নিশ্চিতভাৱে এটা চিনেমা হলৰ ব্যৱস্থা কৰা হ’ব। মুখ্যমন্ত্ৰীয়ে ৫০টা চিনেমা হলৰ বাবে আমাক পুঁজিৰ যোগান ধৰিছে। যথেষ্টখিনি কাম ইতিমধ্যে আৰম্ভ হৈ আছে। কেইদিনমানৰ ভিতৰতে হয়তো মুখ্যমন্ত্ৰীৰ নেতৃত্বত তিতাবৰতো এটা চলচ্চিত্ৰ গৃহৰ ব্যৱস্থা কৰিবলৈ সক্ষম হম বুলি প্ৰকাশ দৰে সীমান্ত শেখৰে। ইফালে অনুষ্ঠানত উপস্থিত থকা যোৰহাট জিলাৰ আয়ুক্ত পুলক মহন্তয়ো সংবাদ মাধ্যমৰ আগত কয় যে আজি যোৰহাট জিলাৰ মুঠ চাৰিটা স্থানত অৰুণোদয়ৰ অনুষ্ঠান হৈছে। খবৰ পাইছোঁ বাহনাত তিনিৰ পৰা পাঁচ হাজাৰ মানুহ হৈছে।‌ মৰিয়নিত প্ৰায় সাত হাজাৰ মানুহ হৈছে। জিলা পুথিভঁৰালত প্ৰায় তিনিহাজাৰ মানুহ হৈছে। ইয়াত তিতাবৰতো প্ৰায় তিনি হাজাৰ মানুহ হৈছে। প্ৰখৰ ৰ’দতো আই সকল ওলাই আহিছে। মুখ্যমন্ত্ৰী নেতৃত্বত এটা মহৎ কাম হৈছে বুলি প্ৰকাশ কৰে আয়ুক্তগৰাকীয়ে। মহন্তই আৰু কয় যে তিতাবৰত আমি এটা প্ৰেক্ষাগৃহ পাম। মোৰ সৈতে আজি চক্ৰ বিষয়া আছেই। মই আজিৰ ভিতৰতে মাটিৰ ব্যৱস্থা কৰি থৈ যাম। ধুনীয়াকৈ নিৰ্মাণ হ’ব লগা প্ৰেক্ষাগৃহটোত চিনেমাও প্ৰদৰ্শন হওক। মেল-মিটিঙো হওক। এ চি হল এটা হওক। আনহাতে এইবাৰ অৰুণোদয় ৩.০ আঁচনিত যোৰহাট জিলাত ৮৩ হাজাৰৰ পৰা ৮৫ হাজাৰ লোক অন্তৰ্ভুক্ত হ’ব বুলি উল্লেখ কৰি ৰেচন কাৰ্ড থকা প্ৰতিঘৰে এটাকৈ অৰুণোদয় পাব বুলি প্ৰকাশ কৰে জিলা আয়ুক্তগৰাকীয়ে।‌

প্ৰেৰক অজয় শইকীয়া

Featured