ৰঙিয়াত বিধ্বংসী অগ্নিকাণ্ড, লক্ষাধিক টকাৰ সা-সম্পত্তি বিনষ্ট

নিয়মীয়া বাৰ্তা, ১০ মে’ : ৰঙিয়াত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত কেইবাটাও বাসগৃহ ভস্মীভূত হয়। উক্ত অগ্নিকাণ্ডত এটি পৰিয়ালৰ ন-বোৱাৰীৰ সোনৰ আ-অলংকাৰ, সমস্ত ফাৰ্ণিচাৰসহ লক্ষাধিক টকাৰ সা-সামগ্ৰী বিনষ্ট হয়। পূৱ সাহান নিবাসী চাহনুৰ আলীৰ গৃহত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে। বিদ্যুতৰ চৰ্ট-চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকসকলে।
প্ৰেৰক ফাৰুক হুছেইন
Featured