ৰূপহীহাটত ভয়ংকৰ অগ্নিকাণ্ডত ২০ লক্ষাধিক টকাৰ ক্ষতি

নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিল : ৰূপহী বজাৰৰ আশীৰ্বাদ ভৱনত আজি পুৱাৰ ভাগতে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। শ্বৰ্ট চার্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ। সমগ্ৰ ৰূপহী বজাৰত হঠাৎ কলা ধোঁৱাই ছানি ধৰে ৷ মধ্য অসমৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰস্বৰূপ ৰূপহীহাট বজাৰত পুৱাৰ ভাগতেই সংঘটিত হয় এই বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনাটো। বিধ্বংসী অগ্নিকাণ্ডৰ ফলত ২০ লক্ষাধিক টকাৰ সা-সামগ্ৰী ভস্মীভূত হয়। পলমকৈ অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হোৱাৰ অভিযোগ কৰে ৰাইজে। আশীৰ্বাদ ভৱনত থকা কেইবাখনো কাপোৰৰ দোকানৰ এখন দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হয়।

প্ৰেৰক জহিৰুল ইছলাম

Featured