গুৰুজনাৰ অমৰ কলা-সংস্কৃতিৰ চৰ্চাত ব্যস্ত এজাক শিশু-কিশোৰ

🔹 ঢকুৱাখনাৰ জীয়ামৰীয়া গাঁৱত খোলবাদ্যৰ গ্ৰীষ্মকালীন প্ৰশিক্ষণ শিবিৰ

নিয়মীয়া বাৰ্তা,  ২২ জুলাই : পশ্চিমীয়া সংস্কৃতিৰ পৰিৱৰ্তে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অমৰ কলা-সংস্কৃতিৰ চৰ্চাত ব্যস্ত হৈ পৰিছে ঢকুৱাখনাৰ জীয়ামৰীয়া গাঁৱৰ একাংশ  শিশু-কিশোৰ। ভকতীয়া সাজেৰে প্ৰতিদিনে সন্ধিয়া কান্ধত খোলটো লৈ এইসকল শিশু-কিশোৰ ওলাই আহে গাঁৱৰ নামঘৰলৈ। গ্ৰীষ্ম বন্ধৰ সময়ছোৱাত অবাবত সময় নষ্ট কৰাৰ বিপৰীতে গাঁওখনৰ একুৰিৰো অধিক শিশু-কিশোৰে গুৰুজনাৰ অপূৰ্ব সৃষ্টি গায়ন-বায়নৰ প্ৰশিক্ষণত ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে। কুৰিৰো অধিক ন-শিকাৰু কণ কণ শিশু-কিশোৰৰ হাতৰ পৰশত বাজি উঠা খোল-তালৰ শব্দই মুখৰ কৰি তুলিছে সমগ্ৰ গাঁওখনৰ পৰিৱেশ। উল্লেখ্য যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অসম সৃষ্টিৰাজিক নৱপ্ৰজন্মৰ মাজত জীয়াই ৰখাৰ বাবে জীয়ামৰীয়া গাঁৱৰ যুৱক সংঘৰ সৌজন্যত ২৫ দিনিয়াকৈ গ্ৰীষ্মকালীন খোলবাদ্য প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰিছে।৫ জুলাইৰ পৰা গাঁৱৰ বৰ নামঘৰত অনুষ্ঠিত হোৱা গায়ন-বায়নৰ প্ৰশিক্ষণ শিবিৰত মুখ্য প্ৰশিক্ষক হিচাপে শিক্ষাৰ্থীসকলক প্ৰশিক্ষণ প্ৰদান কৰিছে গুৰুবাদ্য খোলৰ এগৰাকী সুনিপুণ প্ৰশিক্ষক স্থানীয় যুৱক জিণ্টু কোচে। গায়ন-বায়নৰ ব্যৱহাৰিক প্ৰশিক্ষণৰ লগতে স্বৰলিপিৰ শিকন প্ৰদান কৰি আধ্যাত্মিকতাৰ মাৰ্গ দৰ্শনেৰে গুৰুজনাৰ সৃষ্টিৰাজিক নৱপ্ৰজন্মক চিনাকি কৰাই দিয়াৰ জীয়ামৰীয়া গাঁৱৰ যুৱক সংঘৰ এই প্ৰয়াস বাস্তৱিকতে শলাগনীয় আৰু প্ৰশংসনীয়। সকলোৰে আশা- গ্ৰীষ্মবন্ধৰ সময়ছোৱাত কলা-সংস্কৃতিৰ চৰ্চাই শিক্ষাৰ্থীসকলক যথেষ্ট উপকৃত কৰাৰ লগতে সত্ৰীয়া সংস্কৃতিৰ বিষয়ে জ্ঞান আহৰণ কৰাৰ ক্ষেত্ৰত বিশেষভাৱে সহায় কৰিব। ইফালে, পশ্চিমীয়া সংস্কৃতিৰ পৰিৱৰ্তে মহাপুৰুষজনাৰ অমৰ কলা-সংস্কৃতিৰ সৈতে জড়িত হ’বলৈ পাই উৎসাহিত হৈ পৰিছে শিশু-কিশোৰসকলো।

প্ৰেৰক পুলকজ্যোতি বৰা

Featured