ৰূপহীহাটত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ

নিয়মীয়া বাৰ্তা, ১৫ ছেপ্টেম্বৰ : ৰূপহীহাট আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি চোৰাং কাঠৰ বিৰুদ্ধে চলায় এক অভিযান ৷ আৰক্ষীৰ অভিযানত চোৰাং কাঠৰ কুণ্ডাভৰ্তি দুখনকৈ ট্ৰাক জব্দ কৰে । নগাঁও-নলতলী ৰাজ্যিক ঘাইপথৰ পৰা জব্দ কৰে চোৰাং কাঠভৰ্তি বাহন দুখন। ওপৰত কিছু খৰি পাৰি ভিতৰত পাহাৰীয়া গছৰ কুণ্ডা ভৰ্তি কৰি নগাঁও অভিমুখে গৈ থকা অৱস্থাত জব্দ কৰে বাহন দুখন। চোৰাং কাঠভৰ্তি বাহন দুখনৰ নম্বৰ হৈছে এএছ-০২ চিচি-১৬১০আৰু এএছ-০২ বিচি-৩১৮১ ৷ আৰক্ষীৰ উমান পাই গাড়ী এৰি পলায়ন কৰে চালক আৰু কাঠ ব্যৱসায়ীয়ে। ৰূপহীহাট আৰক্ষীয়ে বন বিভাগৰ লোকক খবৰ দি জব্দ কৰা কাঠখিনি চমজাই দিয়ে ৷

প্ৰেৰক জহিৰুল ইছলাম

Featured