জোনাইত দুষ্প্ৰাপ্য উডবিলাইৰ ছালসহ এজনক আটক

নিয়মীয়া বাৰ্তা, ২৩ মে’ : জোনাইত জোনাই আঞ্চলিক বন বিভাগ আৰু WCCB-এ বৃহস্পতিবাৰে দুপৰীয়া চলোৱা এক অভিযানত জোনাই নেপালী বস্তিত এজন ব্যক্তিৰ পৰা দুষ্প্ৰাপ্য উডবিলাই প্ৰাণীৰ চাৰিখন ছাল উদ্ধাৰ কৰে ৷ জানিব পৰা মতে, অৰুণাচলৰ পৰা জোনাইলৈ বিক্ৰীৰ বাবে আনি থকা সময়ত WCCBৰ পৰা পোৱা এক গোপন খবৰৰ ভিত্তিত বন বিভাগৰ এটা দলে WCCBৰ সহযোগত জোনাই নেপালী বস্তি অঞ্চলত ব্যক্তিজনৰ পৰা দুষ্প্ৰাপ্য উডবিলাইৰ চাৰিখন ছাল উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ এই অভিযানৰ সময়ত বিক্ৰীৰ বাবে আনি থকা অৰুণাচলৰ মেৱৰ টামা টাচ নামৰ ব্যক্তিজনক বন বিভাগে আটক কৰিবলৈ সক্ষম হয়৷ ব্যক্তিজনৰ পৰা জানিব পৰা মতে এই দুষ্প্ৰাপ্য উডবিলাই প্ৰাণীৰ ছালসমূহ গোগামুখৰ কোনোবা এজন ব্যক্তিক বিক্ৰীৰ বাবে অনা হৈছিল৷ প্ৰায় ১ কিলো ৬০ গ্ৰাম ওজনৰ এই দুষ্প্ৰাপ্য প্ৰাণীৰ ছালখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য বহু হ’ব বুলি জানিবলৈ দিছে ৷

প্ৰেৰক কৰবী দলে

Featured