বিজনীত কৰ্কট আক্ৰান্ত পুত্ৰক সন্মুখত লৈ ছমাহে চকুলো টুকিছে দুৰ্ভগীয়া মাতৃয়ে

🔹 পিতৃহাৰা তণ্ময়ৰ উন্নত চিকিৎসাৰ বাবে সাহায্য বিচাৰি পৰিয়ালৰ কাতৰ আহ্বান

নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰী : পিতৃহাৰা কৰ্কট ৰোগত আক্ৰান্ত পুত্ৰক সন্মুখত লৈ এগৰাকী মাতৃয়ে যোৱা প্ৰায় ছমাহে চকুলো টুকিবলগীয়া হৈছে। অৰ্থৰ অভাৱত কৰ্কট আক্ৰান্ত পুত্ৰৰ উন্নত চিকিৎসা কৰাব নোৱাৰি মাতৃগৰাকীৰ ৰাইজলৈ কাতৰ আহ্বান। সদাশয় ব্যক্তিয়ে অকণমান সহায়ৰ হাত আগবঢ়াই পুত্ৰৰ জীৱন ৰক্ষাত সহায় কৰে যেন। ছাত্ৰজন হ’ল চিৰাং জিলাৰ বিজনী চহৰস্থিত আমগুৰি কলনীৰ তণ্ময় সৰকাৰ। বিজনী শিশু কল্যাণ হাইস্কুলত অধ্যয়নৰত ছাত্ৰজন।  কৰ্কট ৰোগত আক্ৰান্ত হৈ যোৱা ছয় মাহে দুৰ্বিষহ জীৱন কটাবলগীয়া হৈছে ছাত্ৰজনে। অতি দৰিদ্ৰ পিতৃহাৰা তণ্ময় সৰকাৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱাত দিশহাৰা হৈ পৰিছে মাতৃ নমিতা সৰকাৰ। বিজনী শিশু কল্যাণ হাইস্কুলত ৰান্ধনীৰ কাম কৰি কোনোমতে পৰিয়াল চলাই আছিল নমিতা সৰকাৰে। কৰ্কট ৰোগত আক্ৰান্ত তণ্ময়ক শীঘ্ৰে উন্নত মানৰ চিকিৎসালয়লৈ লৈ যাবলৈ চিকিৎসকে পৰামৰ্শ আগবঢ়াইছে। কিন্তু অতি দৰিদ্ৰ অসহায় মাতৃ নমিতা সৰকাৰে টকাৰ অভাৱত পুত্ৰ তণ্ময়ক উন্নত মানৰ চিকিৎসালয়লৈ লৈ যাবলৈ সক্ষম হোৱা নাই। যাৰ বাবে অসহায় মাতৃ নমিতা সৰকাৰৰ লগতে পৰিয়ালৰ লোকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, স্থানীয় বিধায়ক অজয় কুমাৰ ৰায় আৰু ৰাইজক দুৰ্ভগীয়া ছাত্ৰজনৰ চিকিৎসাৰ বাবে সহায় কৰিবলৈ অনুৰোধ জনাইছে। কোনো লোকে যদি এই দুৰ্ভগীয়া ছাত্ৰগৰাকীক আৰ্থিকভাৱে সহায় কৰিবলৈ বিচাৰে, তেন্তে ভাৰতীয় ষ্টেট বেংকৰ বিষ্ণুপুৰ শাখাত থকা নমিতা সৰকাৰৰ একাউন্ট নম্বৰ 35650483907, IFSC CODE SBIN0007388 নম্বৰত সাহায্য আগবঢ়াবলৈ পৰিয়ালৰ লোকে কাতৰ অনুৰোধ জনাইছে।

প্ৰেৰক বৰ্ণালী তালুকদাৰ

Featured