তামুলপুৰ থানাৰ সন্মুখতে পেট্ৰলভৰ্তি টেংকাৰত অগ্নিকাণ্ড

নিয়মীয়া বাৰ্তা, ২৬ জুন : ৰঙিয়া ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথেৰে শিলিগুৰিৰ পৰা ভূটানলৈ আহি থকা WB 78 – 6312 নম্বৰৰ দহ চকীয়া পেট্ৰলভৰ্তি টেংকাৰ এখন আজি পুৱা ৫ মান বজাত তামুলপুৰ থানাৰ সন্মুখত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাতিত থকা এটা পুখুৰীত বাগৰি পৰে। পুখুৰীৰ ওচৰতে এটা হাইভল্টেজ ট্ৰেঞ্চফৰ্মাৰ আছিল যদিও সেইটোত খুন্দা নলগাত প্ৰথম অৱস্থাত কোনো ধৰনৰ বিশেষ অঘটন হোৱা নাছিল। পিছত আৰক্ষীয়ে গাড়ী উঠোৱা বাহনেৰে তেলৰ ট্ৰেংকাৰখন উঠাবলৈ চেষ্টা কৰোতে সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা। লগে লগে ট্ৰেংকাৰখনৰ লগতে পুখুৰীটোত জুয়ে আগুৰি ধৰে। নিমিষতে কলা ধোৱাই ছানি ধৰে সমগ্ৰ আৰু অঞ্চলটো। দপদপকৈ জ্বলি উঠা জুয়ে জনসাধাৰণৰ মাজত সৃষ্টি কৰে এক আতংকময় পৰিবেশ। লোকাৰণ্য হৈ পৰে ঘটনাস্থলী। লগে লগে ঘটনাস্থলীত কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰে৷ অৱশ্যে অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহত হোৱা নাই৷ ইপিনে ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলীত তামুলপুৰ জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক, তামুলপুৰৰ বিধায়ককে ধৰি আৰক্ষীৰ এটা বৃহৎ দল উপস্থিত হয়। ঘটনাস্থলীৰ ওচৰত থকা দুটা পৰিয়ালৰ বাসগৃহ আৰু কেবাখনো ব্যৱসায়িক প্ৰতিস্থান কথমপি বিপদৰ পৰা ৰক্ষা পৰে। আনপিনে ঘটনাৰ লগে লগে ৰঙিয়া ভূটান পথটো বন্ধ হৈ পৰে। অৱশ্যে অগ্নি নিৰ্বাপন হোৱাৰ পিছত পুনৰ যাতায়াত ব্যৱস্থা অব্যাহত থাকে।

প্ৰেৰক ৰজনী বৰ্মন

Featured