ঢেকীয়াজুলিত শিক্ষকৰ বিৰুদ্ধে দশম শ্ৰেণীত অধ্যয়নৰত কিশোৰীক ধৰ্ষণৰ অভিযোগ 

🔹 ভুক্তভোগী কিশোৰীৰ আৰক্ষী চকীত এজাহাৰ

🔹 দুষ্কৰ্ম কৰি পলায়ন সহঃ শিক্ষক শ্ৰীমন্ত বৰুৱাৰ

বিশেষ বাৰ্তা,  ৮ ছেপ্টেম্বৰ : ঢেকীয়াজুলিত এগৰাকী শিক্ষকে দশম শ্ৰেণীত অধ্যয়ন কৰা কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। স্থানীয় ৰাইজৰ অভিযোগ মতে, সহঃ শিক্ষক শ্ৰীমন্ত বৰুৱাই নিজে দলিল কৰি ৬ বছৰ বয়সতে তুলি লোৱা এগৰাকী কিশোৰী বৰ্তমান দশম শ্ৰেণীত অধ্যয়নৰত, নিজে তুলি লোৱা কিশোৰীগৰাকীক ধৰ্ষণ কৰি শিক্ষক শ্ৰীমন্ত বৰুৱাই অন্তঃসত্ত্বা কৰে। ঢেকীয়াজুলিৰ ৰৌমাৰী প্ৰাথমিক বিদ্যালয়ৰ সহঃ শিক্ষক শ্ৰীমন্ত বৰুৱাৰ কু-কৰ্মই সকলোৰে চকু কপালত তুলিছে ৷ ভুক্তভোগী কিশোৰীগৰাকীয়ে স্থানীয় ৰাক্ষসমাৰী আৰক্ষী চকীত ঘটনা সংক্ৰান্তত এজাহাৰ দাখিল কৰিছে। ইতিমধ্যে পলায়ন কৰিছে লম্পট সহঃ শিক্ষক শ্ৰীমন্ত বৰুৱাই ৷ স্থানীয় ৰাইজে সংবাদ মাধ্যমত জনায় যে দীৰ্ঘদিন ধৰি লম্পট শিক্ষকজনে নিজ গৃহতে থকা কিশোৰীগৰাকীক যৌন আতিশয্য চলাই আহিছিল। কিশোৰীগৰাকীয়ে সংবাদ মাধ্যমত সমগ্ৰ ঘটনা বিৱৰি কয়। শেহতীয়াকৈ কিশোৰীগৰাকীক  শিক্ষকজনে ধৰ্ষণ কৰি অন্তঃসত্ত্বা কৰাত সমগ্ৰ ঘটনা পোহৰলৈ আহে বুলি জনায় স্থানীয় মহিলাসকলে। স্থানীয় ৰাইজে শিক্ষকগৰাকীক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনাইছে ৷ মাজৰৌমাৰী গাঁৱৰ সহযোগিতা মহিলা সংগঠনৰ মহিলাসকলে একগোট হৈ আজি গাঁওখনত ঘটনা সন্দৰ্ভত এখন সভা পাতি পলায়ন কৰি থকা শিক্ষকৰূপী দোষীক কৰায়ত্ত কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিবলৈ অনুৰোধ জনায় । অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ৫টা পঞ্চায়তৰ অগ্নিগড় মণ্ডল সংগঠনৰ তৰফৰ পৰাও দোষীক কৰায়ত্ত কৰি কঠোৰ শাস্তি বিহিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনায় ।

প্ৰেৰক কল্পজ্যোতি নাথ

Featured