অকাবস্তি মধ্য ইংৰাজী বিদ্যালয়ৰ আবেদ আলীলৈ জিলা কৃতী শিক্ষক বঁটা

নিয়মীয়া বাৰ্তা, ৭ ছেপ্টেম্বৰ : শোণিতপুৰৰ বালিপৰা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ অধীনৰ অকাবস্তি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক, সমাজকৰ্মী মহম্মদ আবেদ আলীয়ে এইবেলি জিলা কৃতী শিক্ষকৰ বঁটা লাভ কৰাত অঞ্চলটোৰ শৈক্ষিক মহল উৎফুল্লিত হৈছে। যোৱা ৫ ছেপ্টেম্বৰত শিক্ষক দিৱসৰ লগত সংগতি ৰাখি তেজপুৰত অনুষ্ঠিত এক মনোজ্ঞ অনুষ্ঠানত শিক্ষকগৰাকীক জিলা প্ৰশাসনৰ তৰফৰ পৰা জিলা কৃতী শিক্ষকৰ বঁটা আগবঢ়াই গামোচা, চেলেং, মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয় । উল্লেখ্যে যে আবেদ আলীয়ে অকাবস্তি মধ্য ইংৰাজী বিদ্যালয়ত ১৯৮৬ চনৰ পৰাই প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক হিচাপে সততা, নিষ্ঠাৰে শৈক্ষিক কৰ্তব্য পালন কৰি আহিছে। শিক্ষকতাৰ বৃত্তি লগতে আলী অঞ্চলটোৰ বিভিন্ন সামাজিক-সাংস্কৃতিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতো জড়িত । আলীয়ে গুদামঘাটৰ খাদিজাটোল কুব্ৰা মাদ্ৰাছাতুল বানাত পৰিচালনা সমিতিৰ সম্পাদক হিচাপে ২০১৭ চনৰ পৰা বৰ্তমানলৈ, গুদামঘাট ইছলামিয়া হাফিজীয়া মাদ্ৰাছা পৰিচালনা সমিতিৰ উপ-সভাপতিৰ লগতে পৰৱৰ্তী সময়ত সভাপতি হিচাপেও ২০১১ চনৰ পৰা ২০১৯ চনলৈ দায়িত্ব পালন, ৰঙাপৰা-চাৰিদুৱাৰ আঞ্চলিক এন পি এছ সন্থাৰ বৰ্তমানৰ সভাপতি, জিলা মধ্য ইংৰাজী শিক্ষক সন্থাৰ সদস্য, বালিপৰা-চাৰিদুৱাৰ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ উপদেষ্টা, ১৮ মাইল বজাৰ বণিক সন্থা পৰিচালনা সমিতিৰ সভাপতি, ১৮ মাইল বিহু উদযাপন সমিতিৰ কেইবাবাৰৰ সভাপতি, গুদামঘাট আমনি চেন্টাৰ বণিক সন্থাৰ উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে অঞ্চলটোত জাতি-ধৰ্ম-বৰ্ণ-ভাষা নিৰ্বিশেষে প্ৰায় সকলো অনুষ্ঠানৰ লগত জড়িত হৈ সামাজিক কৰ্তব্য সম্পাদন কৰি আহিছে । শিক্ষকগৰাকীৰ এনে সফলতাৰ খবৰ লাভ কৰাৰ পিছতে উত্তৰ-পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতি, সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ বালিপৰা আঞ্চলিক সমিতিৰ লগতে বিভিন্ন দল-সংগঠনৰ বিষয়ববীয়াই শিক্ষকজনৰ বাসগৃহত উপস্থিত হৈ গামোচা, জাপি, মানপত্ৰৰে অভিনন্দন জ্ঞাপন কৰে ।

প্ৰেৰক প্ৰাঞ্জল প্ৰতিম

Featured