নিচামুক্তি কেন্দ্ৰত নগাঁৱৰ যুৱকৰ অস্বাভাৱিক মৃত্যু

বিশেষ বাৰ্তা, ৮ ছেপ্টেম্বৰ : নিচামুক্তি কেন্দ্ৰত নগাঁৱৰ যুৱকৰ অস্বাভাৱিক মৃত্যুক লৈ চাঞ্চল্য অব্যাহত আছে। মৃত যুৱকজন নগাঁও চহৰৰ সমীপৱৰ্তী বেঙেনাআটিৰ মনোহৰ আলী। যুৱকজনক ৪ ছেপ্টেম্বৰত বেঙেনাআটি গাওঁৰক্ষী বাহিনী আৰু পৰিয়ালৰ লোকে নগাঁৱৰ মৰিকলং আৰক্ষীৰ সহযোগত গ্ৰাম বিকাশ পৰিষদৰ অধীনস্থ ৰাঙলু নিচামুক্তি কেন্দ্ৰলৈ প্ৰেৰণ কৰিছিল । বৃহস্পতিবাৰে ৰহস্যজনকভাৱে তেজপুৰৰ Global Health Immunisation & population control Organisation নামৰ নিচামুক্তি কেন্দ্ৰৰ পৰা যুৱকজনৰ মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকক ফোনযোগে অৱগত কৰে । এই সমগ্ৰ বিষয়টো সম্প্ৰতি ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। কোনে কেনেকৈ যুৱকজনক ৰাঙলুৰ পৰা তেজপুৰৰ নিচামুক্তি কেন্দ্ৰলৈ প্ৰেৰণ কৰিলে, সেই সন্দৰ্ভত অৱগত নহয় নগাঁও আৰক্ষী আৰু পৰিয়ালৰ লোক। আনহাতে, মৃত যুৱকজনৰ গাত আঘাতৰ চিন স্পষ্ট হৈ আছে। পৰিয়ালৰ লোকৰ মতে, নিচামুক্তি কেন্দ্ৰটোৰ পৰা নিচাসক্ত যুৱকজনে দেৱাল পাৰ হৈ পলোৱাৰ অপচেষ্টা চলায়। সেই অপৰাধতে যুৱকজনক Global Health Immunisation & population control Organisation নামৰ নিচামুক্তি কেন্দ্ৰটোৰ কৰ্মকৰ্তাসকলে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে। যাৰ ফলত থিতাতে মৃত্যু হয় যুৱকজনৰ। সমগ্ৰ ঘটনা সন্দৰ্ভত যুৱকজনৰ পৰিয়ালে নিচামুক্তি কেন্দ্ৰটোৰ পৰিচালক ইলিয়াছ আহমেদ আৰু স্বেচ্ছাসেৱী সংস্থাটোৰ সঞ্চালক মাধুৰ্য বৰাৰ বিৰুদ্ধে এজাহাৰ  দাখিল কৰিছে ।

 

প্ৰেৰক কনক হাজৰিকা

Featured