কলাক্ষেত্ৰত সংৰক্ষিত হ’ব নোৱাৰে লুঙী-কলপতীয়া শাৰীঃহিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ২৮ অক্টোবৰঃ আজি পুৱাই শদিয়াৰ বুঢ়া-বুঢ়ী শালত আশীষ লয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আনহাতে সম্প্ৰতি বিতৰ্কৰ সৃষ্টি হোৱা মিঞা মিউজিয়াম সন্দৰ্ভত তেওঁ কয় যে এনে মন্তব্য কৰা লোকজনে নিজেও জানে যে এনে কাম কেতিয়াও নহয়, আমি যেতিয়া নহ’ব বুলি ক’লো এইটো কেতিয়াও নহয়। বিধায়কগৰাকীয়ে কেইটামান ভোট বেছিকৈ পাবলৈ এইবোৰ নাটক কৰিছে। নীলা-ৰঙা-বেঙুনীয়া একো কলাক্ষেত্ৰত নাহে। কলাক্ষেত্ৰত কেৱল মাত্ৰ মহাপুুৰুষ শংকৰদেৱ আৰু অসমৰ খিলঞ্জীয়া জাতীয় জীৱনৰ প্ৰতিচ্ছবিহে তাত থাকিব। তেওঁ যিয়েই নকওঁক কিয় এইবোৰ কাম ইয়াত নহ’ব বুলি মন্তব্য কৰে মন্ত্ৰী ড০ শৰ্মাই।