বি বৰুৱা কলেজৰ নিৰ্বাচনত এবছুৰ ৩ প্রার্থীৰ জয়

✅সভাপতি পদত বিক্রম গয়াৰী

✅ছাত্রী জিৰণি কোঠাৰ সম্পাদিকা পদত ৰংজালি বড়ো

✅ফুটবল সম্পাদক পদত নিহাল বড়ো

বিশেষ বার্তা, ১১ ছেপ্টেম্বৰঃ গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ৰ চলিত শিক্ষাবর্ষৰ ছাত্র একতা সভাৰ নির্বাচন আজি অনুষ্ঠিত হয়৷ ঘোষিত ফলাফল অনুসৰি বি বৰুৱা মহাবিদ্যালয়ৰ ছাত্র একতা সভাৰ সভাপতি পদত এবছু সমর্থিত প্রার্থী বিক্রম গয়াৰী নির্বাচিত হৈছে৷ উপ–সভাপতি পদত ভাস্কৰজ্যোতি ৰাভা, সাধাৰণ সম্পাদক মানস প্রতীম দাস, সহকাৰী সাধাৰণ সম্পাদক পদত কুনাল কুমাৰ ছোনী নির্বাচিত হৈছে৷ আনহাতে মিউজিক আৰু সমাৰকলাত ভায়োলিনা তালুকদাৰ, সাংস্কৃতিক সম্পাদক ওম ছেত্রী, গুৰু খেল বিভাগত প্রীতম ধালী, লঘু খেল বিভাগত বর্ষাদিয়া বৰদলৈ নির্বাচিত হোৱাৰ লগতে আলোচনী সম্পাদকত ছয়নিকা পাঠক, তর্ক সম্পাদকত কৌশিক কলিতা, ক্রিকেট খেল বিভাগৰ সম্পাদক পদত অবিনাশ তালুকদাৰ, ফুটবল সম্পাদকত নিহাল বড়ো, শৰীৰ চর্চা বিভাগত নয়নজ্যোতি দাস, ছাত্রী জিৰণী কোঠাৰ সম্পাদিকা ৰংজালি বড়ো আৰু সমাজসেৱা বিভাগৰ সম্পাদক পদত ববীবুল ইছলাম নির্বাচিত হৈছে৷ উল্লেখ্য যে মহাবিদ্যালয়খনৰ ছাত্র একতা সভাৰ চলিত বর্ষৰ নির্বাচনত পোন প্রথমবাৰৰ বাবে আবছু সমর্থিত সভাপতি পদত বিক্রম গয়াৰী, ফুটবল সম্পাদক নিহাল বড়ো আৰু ছাত্রী জিৰণী কোঠাৰ সম্পাদিকা পদত ৰংজালি বড়ো নির্বাচিত হৈছে৷

Featured