ধুবুৰীৰ ভাৰত-বাংলা সীমান্তত সক্ৰিয় এবিটিৰ শ্লীপাৰ চেল!

নিয়মীয়া বাৰ্তা, ১৩ আগষ্টঃ পাকিস্তানৰ লস্কৰ-ই-তৈবা (এলইটি) আৰু বাংলাদেশৰ আনছাৰুল্লাহ বাংলা টিম (এবিটি)য়ে বাংলাদেশৰ সাম্প্রতিক অস্থিৰ পৰিস্থিতিৰ সুযোগ লৈ দেশখনত হিন্দু সম্প্ৰদায়ৰ ওপৰত আক্ৰমণত জড়িত হৈ পৰাৰ উপৰিও অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা ৰচাৰ এক ভয়ংকৰ তথ্য দেশৰ চোৰাংচোৱা গোষ্ঠীৰ এক সাম্প্রতিক প্ৰতিবেদনত প্ৰকাশ পাইছে। এয়া অসমৰ বাবে এক অশনি সংকেত বুলি বিবেচিত হোৱাৰ সমান্তৰালকৈ ধুবুৰী জিলাৰ বাবেও তাৎপৰ্যবাহী হৈ পৰিছে। কিয়নো বিগত ২০২২ বৰ্ষৰ পৰাই ধুবুৰী জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ দুৰ্গম অঞ্চলৰ পৰা কেইবাগৰাকী এবিটি সদস্য কৰায়ত্ত হোৱাৰ ঘটনাই জিলাখনত এবিটিৰ শ্লিপাৰ চেল সক্ৰিয় হৈ থকা বুলি সন্দেহৰ জন্ম দিছে। ইয়াতে স্মৰ্তব্য যে ২০২২ বৰ্ষৰ আগষ্ট মাহৰ প্ৰথম সপ্তাহত বিলাসীপাৰাৰ নায়েৰ আলগা ২য় খণ্ডৰ পৰা জহুৰা খাতুন নামৰ এবিটিৰ  এগৰাকী দূৰ্ধৰ্ষ সদস্যা জালত পৰিছিল আৰক্ষীৰ। ধৃত সেই বিবাহিত মহিলাগৰাকী বাংলাদেশৰ নাগৰিক তথা এবিটিৰ দূৰ্ধৰ্ষ সদস্য আবু তাল্লাহৰ পত্নী বুলি আৰক্ষীৰ তদন্তত উন্মোচিত হৈছিল। আনকি মহিলাগৰাকীৰ পৰা জব্দ কৰা মোবাইলৰ তথ্যই এবিটি সদস্যসকলে নিজৰ মাজত যোগাযোগৰ বাবে অত্যাধুনিক ডাৰ্ক ৱেব ব্যৱহাৰ কৰাৰ চাঞ্চল্যকৰ দিশো উঠি আহিছিল। আনহাতে, ২০২৩ বৰ্ষৰ ২৪ এপ্ৰিলৰ দিনা  আৰক্ষীৰ অভিযানত ধুবুৰীৰ তিনিটাকৈ ভিন্ন ভিন্ন স্থানৰ পৰা জালত পৰিছিল ছফিকুল ইছলাম, মোজাহিদুল মণ্ডল আৰু বাদশা শেখ নামৰ তিনিগৰাকীকৈ এবিটি সদস্য। ইয়াৰে ছফিকুল ইছলামৰ ঘৰ ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী বগুলামাৰীত। আনহাতে, আন দুই ধৃত এবিটি সদস্য  মোজাহিদুল মণ্ডল আৰু বাদশা শেখৰ ঘৰ হ’ল ক্ৰমে ধুবুৰীৰ  ভাৰত-বাংলাদেশ সীমান্তৰ সস্তাৰঘাট দ্বিতীয় খণ্ড আৰু টাকীমাৰীত। ২০২৩ বৰ্ষৰেই ২ মে’ৰ দিনা ধুবুৰী আৰক্ষীৰ জালত পৰিছিল নজৰুল ইছলাম নামৰ এজন সন্দেহজনক এবিটি সদস্য। ধৃত ইছলামৰ ঘৰ হ’ল ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী তথা ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী তিস্তাৰ পাৰ তৃতীয় খণ্ড গাওঁত। আনহাতে, ২০২৩ বৰ্ষৰ ৫ আগষ্টৰ দিনা ধুবুৰী আৰক্ষীৰ এটি দলে ধুবুৰী জিলাৰ বিলাসীপাৰাৰ নায়েৰ আলগাৰ পৰা কৰায়ত্ত কৰা আব্দুছ শুকুৰ আলী নামৰ এবিটিৰ সক্ৰিয় মডিউল এটাৰ সদস্যজনৰ গৃহও ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৰ টাকিমাৰী অঞ্চলত বুলি পোহৰলৈ আহিছিল। এইদৰেই দেখা গৈছে যে – বিগত কিছু বছৰৰ পৰা জিলাখনত কৰায়ত্ত হোৱা এবিটি সদস্য সকলৰ অধিকাংশৰে গৃহ ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী ভাৰত-বাংলাদেশ সীমান্তৰ কেতবোৰ বিশেষ দূৰ্গম অঞ্চলত আৰু এয়া বিশেষ তাৎপৰ্যবাহী ৰূপেই পৰিগণিত হৈছে। ফলত স্বাভাবিক ভাবেই প্ৰশ্ন উত্থাপিত হৈছে যে কুখ্যাত জেহাদী গোষ্ঠী আল-কায়দা ইন ইণ্ডিয়ান চাব-কন্টিনেন্ট (চমুকৈ একিউআইএছ)ৰ অন্যতম অংশীদাৰ এবিটিয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চললৈ আহিবলৈ ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৰ কেতবোৰ বিশেষ অঞ্চলত কৰিডৰ ৰূপে ব্যৱহাৰ কৰিবলৈ লৈছে নেকি বুলিও। উল্লেখ্য যে, এবিটিৰ চিফ তথা আধ্যাত্মিক নেতা মুফতি জছিমুদ্দিন ৰহমানী দৰাচলতে বাংলাদেশৰ ঢাকাৰ হাতেমবাঘ মছজিদৰ এগৰাকী ইমাম আছিল। ২০১৩ বৰ্ষৰ ১২ আগষ্টৰ দিনা ৩০ সমৰ্থক সহ ৰহমানক দেশখনৰ বাৰগুনাৰ পৰা গ্ৰেপ্তাৰ কৰিছিল বাংলাদেশ আৰক্ষীয়ে। অৱশ্যে ইতিমধ্যে চলিত বৰ্ষৰ ২১ জানুৱাৰীৰ দিনা বাংলাদেশৰ কাশিমপুৰ হাই চিকিউৰিটি চেন্ট্ৰাল জেইলৰ পৰা জামিনত মুক্তি লাভ কৰিছে এবিটি প্ৰধান মুফতি জছিমুদ্দিন ৰহমানীয়ে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

Featured