ইউজিচি-নেটত বেমেজালিৰ বিৰুদ্ধে গুৱাহাটীত এবিভিপিৰ বিক্ষোভ

🎯 পৰীক্ষাত সঘনাই হোৱা অনিয়মে শিক্ষাৰ্থীৰ ভৱিষ্যতৰ প্ৰতি অন্ধকাৰ নমাই আনিছে : হেৰল্ড মহন

নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ জুনঃ আজি ইউজিচি নেট পৰীক্ষাৰ বেমেজালিৰ বিৰুদ্ধে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে গুৱাহাটী মহানগৰীৰ গুৱাহাটী কমাৰ্চ কলেজৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰে। শেহতীয়াভাৱে ইউজিচি নেট পৰীক্ষাৰ বিসংগতি আৰু অনিয়মৰ বাবে হঠাৎ পৰীক্ষা বাতিল কৰণে প্ৰাৰ্থীসকলৰ মাজত বিভ্ৰান্তিকৰ পৰিৱেশ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। এই সন্দৰ্ভত ইতিমধ্যে এবিভিপিয়ে শিক্ষা মন্ত্ৰালয়ক এই বিষয়ত দ্ৰুত সিদ্ধান্ত লৈ পৰিস্থিতি স্পষ্ট কৰিবলৈ দাবী জনাইছে যাতে শিক্ষাৰ্থীসকলৰ সময় আৰু ভৱিষ্যত বিপদাপন্ন নহয়। যোৱা কেইবাদিনো ধৰি, এনটিএ-ৰ দ্বাৰা পৰিচালিত পৰীক্ষাবোৰত বৃহৎ অনিয়ম হৈছে। এনইইটি-ইউজি পৰীক্ষাত অনিয়মহোৱাৰ পিছত, এতিয়া ইউজিচি-নেট পৰীক্ষা বাতিল কৰাটোৱে এনটিএৰ দৰে চৰকাৰী প্ৰতিষ্ঠান এটাৰ বিশ্বাসযোগ্যতাৰ ওপৰত এক ডাঙৰ প্ৰশ্নবোধকৰ উত্থাপন হৈছে, যিটো অতি দুৰ্ভাগ্যজনক। পৰীক্ষা বাতিল হোৱাৰ ফলত পিএইচডি নামভৰ্তি প্ৰাৰ্থীসকলৰ মনত গভীৰ সন্দেহৰ সৃষ্টি হৈছে। এবিভিপিয়ে শিক্ষা মন্ত্ৰালয়ৰ ওচৰত দাবী জনাইছে যে সংশ্লিষ্ট সংস্থাসমূহে শীঘ্ৰেই এই সন্দৰ্ভত স্থিতি স্পষ্ট কৰিব লাগে যাতে পিএইচডি প্ৰাৰ্থীসকলৰ কোনো ধৰণৰ ক্ষতি নহয়, আৰু পৰীক্ষা ব্যৱস্থা সম্পূৰ্ণ নিৰপেক্ষ আৰু স্বচ্ছ কৰিব লাগে। এবিভিপি অসম প্ৰদেশৰ সম্পাদক হেৰল্ড মহনে কয়, “পৰীক্ষাত অনিয়মৰ ঘটনা অতিকৈ দুৰ্ভাগ্যজনক, যি কেৱল এনটিএৰ দৰে পৰীক্ষা সংস্থাৰ বিশ্বাসযোগ্যতাৰ ওপৰত প্ৰশ্নবোধক চিহ্ন উত্থাপন নকৰে, লগতে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যতৰ ওপৰত প্ৰশ্ন উত্থাপিত হয়।” এনেবোৰ ঘটনা কোনোপ্ৰকাৰে গ্ৰহণযোগ্য নহয়। এবিভিপিয়ে শিক্ষা মন্ত্ৰালয় আৰু সংশ্লিষ্ট সংস্থাসমূহক এই সন্দৰ্ভত অতি সোনকালে‌স্থিতি স্পষ্ট কৰিবলৈ দাবী জনাইছে, যাতে শিক্ষাৰ্থীসকলৰ শৈক্ষিক ভৱিষ্যতসম্পৰ্কে থকা গভীৰ সন্দেহ আঁতৰ কৰিব পৰা যায়। এবিভিপিয়ে দাবী কৰে যে এনে অনিয়মৰ তদন্ত চিবিআইয়ে কৰিব লাগে আৰু অপৰাধীসকলক কঠোৰ শাস্তি প্ৰদান নিশ্চিত কৰিব লাগে।”

Featured