গোৱালপাৰাত কীৰ্তিমানলৈ এবিভিপিৰ প্ৰতিমা বৰুৱা পাণ্ডে শ্ৰেষ্ঠ বিদ্যাৰ্থী বঁটা

বিশেষ বাৰ্তা, ১৪ জুলাই : অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৭৬সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু ৰাষ্ট্ৰীয় বিদ্যাৰ্থী দিৱসৰ লগত সংগতি ৰাখি এবিভিপি গোৱালপাৰা নগৰ শাখাৰ উদ্যোগত আয়োজন কৰা কৃতী ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন শীৰ্ষক ‘প্ৰতিমা বৰুৱা পাণ্ডে শ্ৰেষ্ঠ বিদ্যাৰ্থী বঁটা ২০২৪’ আজি নটসূৰ্য ফণী শৰ্মা ভৱনত অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানটিত গোৱালপাৰা নগৰ আৰু অন্য কিছু অঞ্চলৰ ২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ডেৰ শতাধিক শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানত বিশেষভাৱে উপস্থিত থাকে বিদ্যাৰ্থী পৰিষদৰ ৰাজ্যিক সম্পাদক হেৰল্ড মোহন, শ্ৰদ্ধাৰ প্ৰতিমা বৰুৱা পাণ্ডেৰ কনিষ্ঠ ভাতৃ প্ৰবীৰ বৰুৱা, গোৱালপাৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সুভাষ বৰ্মন, বিদ্যাৰ্থী পৰিষদৰ গোৱালপাৰা বিভাগৰ বিভাগ প্ৰমুখ আৰু নগৰ শাখাৰ সভাপতি গোবিন্দ চন্দ্ৰ দাস আৰু নগৰ শাখাৰ সম্পাদক অজয় সৰকাৰ। আজিৰ এই অনুষ্ঠানটিত উপস্থিত থকা প্ৰতিগৰাকী শিক্ষাৰ্থী আৰু তেওঁলোকৰ অভিভাৱকক ধন্যবাদ জনায়। তদুপৰি প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ শ্ৰম আৰু জ্যেষ্ঠসকলৰ দিহা-পৰামৰ্শৰে আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাত সহায় কৰা প্ৰতিগৰাকী ব্যক্তিৰ ওচৰত চিৰকৃতজ্ঞ বুলি জানিবলৈ দিয়ে।

Featured