ধুবুৰী-গৌৰীপুৰ পথত গদাধৰ নৈত পৰিল তীব্ৰবেগী হোণ্ডাই

নিয়মীয়া বাৰ্তা, ২১ জুনঃ আজি ধুবুৰী-গৌৰীপুৰ পথত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত কথমপি প্ৰাণৰক্ষা পৰে বিলাসী চাৰিচকীয়া বাহন এখনৰ চালকৰ আসনত থকা যুৱক এজনৰ। ঘটনাৰ বিৱৰণী অনুসৰি, আজি বিয়লি তীব্ৰ বেগেৰে ধুবুৰীৰ পৰা গৌৰীপুৰ অভিমুখে গৈ থকা এএচ১৭এইচ/৮৩৫৭ নম্বৰৰ এখন হোণ্ডাই বাহন মদেৰগলা নামৰ অঞ্চলৰ সমীপত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা উফৰি গৈ পথ চোৱাৰ একাষে থকা গদাধৰ নৈত পৰে। অৱশ্যে ভাগ্যক্রমে বাহনখনৰ একমাত্ৰ আৰোহণ তথা চালকৰ আসনত থকা থকা যুৱক এগৰাকী কথমপি নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়। জানিব পৰা, মেত বাহনখনৰ চালকৰ আসনত আছিল ধুবুৰীৰ গৌৰীপুৰৰ বেপাৰপট্টীৰ শাকিল ৰহমান নামৰ যুৱক এজন ইপিনে ঘটনাটো অৱগত হৈ ধুবুৰীৰ পৰা এছডিআৰএফ বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হয় আৰু দলটোৰ ডুবাৰুয়ে নৈখনত পৰি সন্ধানহীন হৈ পৰা বাহনখনৰ সন্ধান উলিয়ায়। পিছত যানবাহন আৰক্ষীয়ে আজি সন্ধিয়াৰ ফালে এখন ক্ৰেনেৰে গদাধৰ নৈৰ পৰা দুৰ্ঘটনাগ্ৰস্ত বাহনখন পাৰলৈ আনি ধুবুৰী সদৰ থানালৈ নিয়ে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

Featured