কোকৰাঝাৰৰ চিথিলা অঞ্চলৰ কেইবাখনো বিদ্যালয়ত আকস্মিক পৰিদৰ্শন জিলা উপায়ুক্তৰ

নিয়মীয়া বাৰ্তা, ২৬ এপ্ৰিলঃ- কোকৰাঝাৰ জিলা উপায়ুক্তা বৰ্ণালী ডেকাই জিলাখনৰ অধিনত থকা দোতমা শিক্ষাখণ্ডৰ অন্তৰ্গত নিম্ন প্ৰাথমিক বিদ্যলয়ৰ লগতে উচ্চপ্ৰাথমিক বিদ্যালয় আৰু চিথিলা উচ্চমাধ্যমিক বিদ্যালয়ো আকস্মিকভাৱে পৰিদৰ্শন কৰে । বিদ্যালয়সমূহ পৰিদৰ্শন কৰি শিক্ষক শিক্ষয়ত্ৰী আৰু ছাত্ৰছাত্ৰী সকলোৰ লগতো মত বিনিময় কৰে জিলা উপায়ুক্ত বৰ্নালী ডেকাই । আজি কোকৰাঝাৰ জিলা উপায়ক্ত বৰ্নালী ডেকাই চিথিলা এমভি স্কুল , টেকৰখাতা প্ৰাথমিক বিদ্যালয়, চিথিলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ লগতে যগদৈ হাইস্কুলো পৰিদৰ্শন কৰি বিদ্যালয় সমুহৰ বিভিন্ন সমস্যাৰ বুজ লয় । আজিৰ আকষ্মিক পৰিদৰ্শন কৰাৰ সময়তে কোকৰাঝাৰ জিলা উপায়ুক্ত বৰ্নালী ডেকাই চিথিলা এমভি স্কুলত ছাত্ৰ ছাত্ৰীসকলোৰ লগত বিদ্যলয়তে দুপৰীয়াৰ আহাৰো গ্ৰহন কৰে । চিথিলা এমভি স্কুলত শিক্ষাৰ্থী সকলোৰ লগত দুপৰীয়াৰ আহাৰ গ্ৰহনৰ অন্তত যগদৈ উচ্চমাধ্যমিক বিদ্যালত উপস্থিত হয় আৰু এক সভাতেও ভাগ লয় । যগদৈ স্কুলত উপস্থিত হৈ এক সভাও অনুষ্ঠিত কৰে । উক্ত সভাত কোকৰাঝাৰ জিলাউায়ুক্ত বৰ্নালীডেকাৰ ৰ লগতে অতিৰিক্ত জিলা উপায়ুক্তৰীমা তৃষ্ণা হালৈ শিক্ষা বিভাগৰ বিষয়া জাহাংগীৰ হুচেইন ৰ উপৰিও যগদৈ হাই স্কুলৰ পৰিচালনা সমিতিৰ কৰ্মকৰ্তা কেশব বৰ্মনো উপস্থিত থাকে । কোকৰাঝাৰ জিলা উপায়ুক্ত বৰ্নালী ডেকা উপস্থিত হোৱাৰ লগে লগেই বিদ্যালয়খনৰ শিক্ষাৰ্থী সকলে কোচৰাজবংশী জনগোষ্ঠীও পৰম্পৰাগত লোক নৃত্য পৰিবেশন কৰি আদৰনি জনায় ।

প্ৰেৰক কৃষ্ণ বৰ্মন