গ্রেপ্তাৰৰ ভয়ত পলায়ন এচিএছ–এপিএছৰ

🔹 এপিএছচি কেলেংকাৰিৰ তদন্ত ক্ষিপ্রগতিত

ষ্টাফ ৰিপ’ৰ্টাৰ, ২৪ নৱেম্বৰ : হঠাৎ ক্ষিপ্র হৈ পৰা অসম লোকসেৱা আয়োগ চমুকৈ এপিএছচিৰ কেলেংকাৰিৰ তদন্তত ন ন চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে৷ পৰহি বিশেষ অনুসন্ধানকাৰী গোটে (এছআইটি) দুজন এপিএছ বিষয়াক গ্রেপ্তাৰ কৰাৰ পিছত ধনৰ বিনিময়ত চাকৰি লাভ কৰাসকলৰ মাজত লাগিছে হুৱাদুৱা৷ গ্রেপ্তাৰৰ ভয়ত একাংশ ৰাজপত্রিত বিষয়াই পলায়ন–আত্মগোপন কৰিছে৷ উল্লেখ্য যে ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মা নেতৃত্বাধীন ন্যায়িক আয়োগে এপিএছচি কেলেংকাৰিৰ তদন্ত সম্পূর্ণ কৰি দাখিল কৰা প্রতিবেদনৰ ওপৰতেই ৰাজ্য চৰকাৰে শেহতীয়াকৈ শীর্ষ আৰক্ষী বিষয়া মুন্না প্রসাদৰ নেতৃত্বত গঠন কৰিছিল এছআইটি৷ এই অনুসন্ধানকাৰী গোটে মঙলবাৰে নিশা অভিযান চলাই ওদালগুৰিৰ অতিৰিক্ত অধীক্ষক ঐশ্বর্য জীৱন বৰুৱা আৰু যোৰহাটৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ছাহজাহান সৰকাৰক গ্রেপ্তাৰ কৰিছিল৷ দুয়োকে গ্রেপ্তাৰৰ পিছতেই ধনৰ বিনিময়ত চাকৰি লোৱা ৰাজপত্রিত বিষয়াসকলৰ নিদ্রাহৰণ হৈছে৷ বিপ্লৱ কুমাৰ শর্মা ন্যায়িক আয়োগৰ প্রতিবেদনৰ ওপৰত ভিত্তি কৰিয়ে এছআইটিয়ে ইতিমধ্যে বক্রপথেৰে এপিএছচিৰ চাকৰি লোৱা ৩৭জন বিষয়াৰ এখন তালিকা প্রস্তুত কৰিছে৷ এই তালিকাৰ দুজন ৰাজপত্রিত বিষয়াক গ্রেপ্তাৰৰ পিছত আন ৩৫জন বিষয়াৰ মাজত লাগিছে হুৱাদুৱা৷ এনে পৰিস্থিতিৰ মাজতে পৰহি এছআইটিয়ে ৰাজ্যৰ ভিন্ন প্রান্তত একাংশ ৰাজপত্রিত বিষয়াক বিচাৰি অভিযান চলায়৷ দক্ষিণ শালমৰা, নলবাৰী, বঙাইগাঁও আদি স্থানত নিশা এছআইটিয়ে অভিযান চলায় যদিও আটাইকেইজন বিষয়া পলাতক হৈ আছিল৷ পলাতক এনে বিষয়াসকলৰ ভিতৰত আছে মানকাচৰৰ এচিএছ বিষয়া হিতেশ মজুমদাৰ, দক্ষিণ শালমাৰাৰ এপিএছ বিষয়া ফাৰুক আহমেদ, বঙাইগাঁৱৰ এপিএছ বিষয়া নিতুমণি দাস, নলবাৰীৰ নিয়োগ বিষয়া ৰাকেশ দাসকে ধৰি আন কেইবাজনো ৰাজপত্রিত বিষয়া৷ এছআইটিয়ে চলোৱা অভিযানক লৈ কালি আৰক্ষী সঞ্চালকপ্রধান জি পি সিঙে এক টুইট প্রকাশ কৰিছিল৷ এই টুইটৰ পিছতেই কেইবাজনো ৰাজপত্রিত বিষয়াই আত্মগোপন কৰিছে৷ উল্লেখ্য যে এপিএছচিৰ তদানীন্তন অধ্যক্ষ ৰাকেশ পালে একাংশ প্রার্থীক ধনৰ বিনিময়ত পৰীক্ষাত উত্তীর্ণ কৰি দিয়াৰ লগতে আন একাংশক পৰীক্ষা কেন্দ্রৰ বাহিৰত বহুৱাই ভুৱা উত্তৰ বহীৰ শ্বীটেৰে পাছ কৰাইছিল৷ এইসকল বিষয়াৰ বিৰুদ্ধে শেহতীয়াকৈ বিপ্লৱ কুমাৰ শর্মা ন্যায়িক আয়োগে একাধিক তথ্য লাভ কৰিবলৈ সক্ষম হৈছে৷ এই তথ্যৰ ভিত্তিতেই এছআইটিয়ে এতিয়া অভিযান আৰম্ভ কৰিছে৷ ইফালে, এছআইটিৰ এনে অভিযানত থৰকাছুটি হেৰুওৱা বহুকেইজন ৰাজপত্রিত বিষয়াই গ্রেপ্তাৰৰ ভয়ত অগ্রিম জামিন বিচাৰি অধিবক্তাৰ সৈতে যোগাযোগ কৰিছে৷ জানিব পৰা মতে, ১২জন ৰাজপত্রিত বিষয়াই শেহতীয়াকৈ অগ্রিম জামিনৰ বাবে অধিবক্তাৰ শৰণাপন্ন হোৱাই নহয়, যেনে–তেনে আগতীয়া জামিন উলিয়াই দিবলৈও খাটনি ধৰিছে৷ অৱশ্যে এই মুহূর্তলৈ এছআইটিয়ে এইকেইজন ৰাজপত্রিত বিষয়াক বিচাৰি চমন জাৰি কৰা নাই৷ উল্লেখ্য যে নিয়োগ বিষয়া ৰাকেশ দাসক বিচাৰি পৰহিয়েই এছআইটিয়ে তেওঁৰ নলবাৰী জিলাৰ শোলমাৰাস্থিত বাসগৃহত অভিযান চলাইছিল৷ আনহাতে, আন কেইবাজনো বিষয়াক বিচাৰি যোগাযোগ চলোৱা হৈছে যদিও অধিকাংশই ছুটী লৈ একপ্রকাৰ আত্মগোপন কৰিছে৷ অভিযোগ অনুসৰি আন কেইবাজনো বিষয়াই মঙলবাৰে নিশা এছআইটিৰ অভিযানৰ কথা শুনিয়েই ৰহস্যজনকভাৱে অন্তর্ধান হৈছে৷ ইয়াৰ ভিতৰত আছে সহকাৰী নিয়োগ বিষয়া গীতার্থ বৰুৱা৷ নলবাৰী নিয়োগ বিনিময় কেন্দ্রত কর্মৰত হৈ আছিল গীতার্থ বৰুৱা৷ পৰহি এছআইটিয়ে অভিযান চলোৱাৰ পিছত কালি কার্যালয়ত দেখা নগ’ল এইজন বিষয়াক৷ একেদৰে আন এজন নিয়োগ বিষয়া ৰাকেশ দাসো সম্প্রতি পলাতক৷ উল্লেখ্য যে এপিএছচিৰ অধ্যক্ষ ৰাকেশ পালে বক্রপথেৰে একাংশ প্রার্থীক পৰীক্ষাত উত্তীর্ণ কৰাৰ ক্ষেত্রত অতিৰিক্তভাৱে প্রদান কৰিছিল বহু নম্বৰ৷ এই তথ্য স্পষ্টকৈ উল্লেখ হৈছে বিপ্লৱ কুমাৰ শর্মা ন্যায়িক আয়োগৰ প্রতিবেদনত৷ তথ্য অনুসৰি এপিএছ অমৃত ৰাজ চৌধুৰীয়ে মুঠ নম্বৰ লাভ কৰিছিল ৭১৪৷ এই নম্বৰ টেবুলেচন শ্বীটত ৮৫৪লৈ বৃদ্ধি কৰা হৈছিল৷ একেদৰে এপিএছ পুষ্কল গগৈয়ে জেনেৰেল ষ্টাডিজত লাভ কৰিছিল ১৩০ নম্বৰ৷ তেওঁক ৫০ নম্বৰ বঢ়াই ১৮০ নম্বৰ কৰা হৈছিল৷ ইংৰাজীত প্রার্থীজনে লাভ কৰিছিল ১৪৩ নম্বৰ৷ এই নম্বৰ ১৯৩লৈ বৃদ্ধি কৰা হৈছিল৷ লক্ষণীয় যে এইজন পুষ্কল গগৈয়ে ধন দাবীৰ গোচৰত এতিয়া কেন্দ্রীয় কাৰাগাৰত আছে৷ এপিএছ কল্যাণ কুমাৰ দাসৰ নম্বৰো টেবুলেচন শ্বীটত ২৭০ নম্বৰলৈ বৃদ্ধি কৰা হৈছে৷ কল্যাণ কুমাৰ দাসে মুঠ নম্বৰ লাভ কৰিছিল ৫৮৬৷ তেওঁৰ নম্বৰ ৮৫৬লৈ বৃদ্ধি কৰা হৈছিল৷ আশ্চর্যজনকভাৱে এপিএছচিৰ পৰীক্ষাত অৱতীর্ণ হোৱা সুকন্যা দাসৰ ৮খন বহী লাভ কৰিছিল ন্যায়িক আয়োগে৷ অথচ মূল পৰীক্ষাত মাত্র ৬টা বিষয়ৰহে প্রশ্ণৰ উত্তৰ লিখিছিল সুকন্যা দাসে৷ অর্থাৎ সুকন্যা দাসৰ আন দুখন বহী জাল আছিল৷ এইগৰাকী এপিএছ বিষয়াক আয়োগে দুবাৰকৈ তলব কৰিছিল যদিও আয়োগৰ ওচৰত হাজিৰ হোৱা নাছিল সুকন্যা দাস৷ সুকন্যা দাসৰ দৰে এচিএছ আকাশী দুৱৰাই চাৰিখন প্রশ্ণোত্তৰৰ বহীত লাভ কৰিছিল ৩৩১ নম্বৰ৷ তেওঁৰ নম্বৰ ৫৫১লৈ বৃদ্ধি কৰা হৈছিল৷ এচিএছ ধীৰাজ কুমাৰ জৈন, অনলজ্যোতি দাস, ফাৰুক আহমেদৰো নম্বৰ বৃদ্ধি কৰাৰ তথ্য লাভ কৰিছে ন্যায়িক আয়োগে৷ ইতিমধ্যে এই আটাইকেইজনকে এছআইটিয়ে তলব কৰা বুলি জানিব পৰা গৈছে, যাৰ বাবে ইয়াৰে কেইবাজনেও আত্মগোপন কৰিছে৷

Featured