অভিনেতা ৰাজীৱ ৰাজনীশৰ অকাল বিয়োগত ম্ৰিয়মাণ সাংস্কৃতিক জগত

বিশেষ বাৰ্তা, ৬ ফেব্ৰুৱাৰী : মঙলবাৰে এক দু:খবৰে অসমীয়া সাংস্কৃতিক জগতৰে জড়িত সকলোকে মৰ্মাহত কৰি তোলে। প্রতিভাৱান অভিনেতা ৰাজীৱ ৰাজনীশৰ অকাল বিয়োগত সকলো শোকত ম্ৰিয়মাণ হৈ পৰে। অভিনেতা ৰাজীৱ কেইদিনমান পূর্বে দুর্ঘটনাত পতিত হৈ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল। অৱশেষত আজি পৰিয়ালৰ লোকে অভিনেতাগৰাকীয়ে অকাল মৃত্যুক আঁকোৱালি লয় বুলি জানিবলৈ দিয়ে। যুৱ অভিনেতাজনে ‘ৰত্নাকৰ’কে ধৰি কেইবাখনো ছবি আৰু ধাৰাবাহিকত অভিনয় কৰি নিজ প্ৰতিভাৰ প্ৰমাণ দাঙি ধৰিছিল। তেওঁ ভ্ৰাম্যমাণৰো এজন বলিষ্ঠ অভিনেতা আছিল। অভিনেতাগৰাকীৰ মৃত্যুত অসমৰ সাংস্কৃতিক জগতত শোকৰ ছাঁ পৰিছে। প্ৰতিভাসম্পন্ন ৰাজীৱৰ অকাল বিয়োগত বহুতে শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।

Featured