ডিমাকুছিত নিৰ্বাচনী প্ৰচাৰ অভিনেত্ৰী আঙুৰলতা ডেকাৰ

নিয়মীয়া বাৰ্তা,  ১৯ এপ্ৰিল : দৰং-ওদালগুৰি লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় অভিনেত্ৰী তথা প্ৰাক্তন বিধায়িকা, মহিলা মৰ্চাৰ প্ৰাক্তন সভানেত্ৰী আঙুৰলতা ডেকাই । নিৰ্বাচনী প্ৰচাৰস্থলীত কণ কণ শিশুৰ পৰা ডেকা-বুঢ়াৰ সৈতে বিহু নাচি, বিয়ানাম গাই প্ৰচাৰ চলায় আঙুৰলতা ডেকাই। টংলা আৰু ভেৰগাঁও বিধানসভা সমষ্টিৰ একাধিক স্থানত প্ৰচাৰ অভিযান চলাই ৰাইজৰ সঁহাৰিত উৎফুল্লিত হৈ পৰা আঙুৰলতা ডেকাই সমাগত নিৰ্বাচনত বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াই লক্ষাধিক ভোটৰ ব্যৱধানত জয়ী হ’ব বুলি দাবী কৰে ৷ ওদালগুৰি জিলা মহিলা মৰ্চাৰ সভানেত্ৰী তথা বিটিআৰৰ মনোনীত পাৰিষদ অৰ্পণা মেধি আৰু ভিচিডিচিৰ অধ্যক্ষা পূৰৱী গগৈ খৰেলকে ধৰি বহুকেইগৰাকী মহিলা নেত্ৰীক লগত লৈ নিৰ্বাচনী প্ৰচাৰ চলায় আঙুৰলতা ডেকাই। পেৰডী গীতেৰে কংগ্ৰেছৰ দুৰ্নীতিক ভেঙুচালি কৰা আঙুৰলতা ডেকাই গীতৰ জৰিয়তেই বিজেপিৰ উন্নয়নক ৰাইজৰ মাজলৈ লৈ যোৱাৰ চেষ্টা কৰে ৷

প্ৰেৰক পিংকু কলিতা

Featured